ত্ৰিপুৰাত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে বিজেপি-আইপিএফটিৰ কৰ্ম-কৰ্তাই

CPIM-M-office-

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত অপ্ৰত্যশিত বিজয় অৰ্জনৰ কৰাৰ এদিন পিছতেই বিজেপি-আইপিএফটিৰ সদস্যই চিপিআই(এম)ৰ কৰ্মী আৰু কাৰ্যালয়ত আক্ৰমণ কৰা আৰম্ভ কৰিছে। দেওবাৰে একাংশ বিজেপি সদস্যই মোহৰনপুৰ মহকুমাৰ চিপিআই(এম)ৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰাৰ লগতে একাংশ কৰ্মীকো নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। এনেবোৰ কাৰ্যৰ বাবে এতিয়া দেশখনত সৰ্বত্ৰে চৰ্চা লাভ কৰা দেখা গৈছে।

শণিবাৰৰ দিনটোৰ পাছৰে পৰা ৰাজ্যখনত এতিয়ালৈ বিজেপি আৰু আইপিএফটিৰ কৰ্মকৰ্তাই চিপিআই(এম)ৰ প্ৰায় ২৪০ জন নেতা-সমৰ্থকক প্ৰহাৰ কৰাৰ লগতে ৰাজ্যখনৰ এশতকৈও অধিক দলীয় কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে ভাঙি লণ্ড ভণ্ড কৰিছে বুলি চিপিআই(এম) নেতাই জানিবলৈ দিয়ে।

ৰবিবাৰে সন্ধিয়া চিপিআই(এম)ৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনত বৃদ্ধি পোৱা অৰাজক পৰিস্থিতি সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শক এ কে সুকলাক অৱগত কৰোৱায়। তাৰোপৰি তেওঁলোকৰ কৰ্মীসকলৰ ওপৰত কৰা আক্ৰমণ শীঘ্ৰে ৰোধ কৰাৰ বাবে অনুৰোধ জনায়।

আৰক্ষী মহাপৰিদৰ্শক জনে পৰিস্থিত সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰা বুলি কয় চিপিএমৰ ৰাজ্যিক সম্পাদক বিজন ধৰে।

 

আঘাতগ্ৰস্ত চিপিআই(এম) সমৰ্থক

‘আমি বিজেপিৰ এই কাৰ্যক তীব্ৰ গৰিহনা দিছো। তেওঁলোকে দলীয় কাৰ্যালয়, শ্ৰমিক কাৰ্যালয়, মহিলা কৰ্ম-কৰ্তাৰ লগতে নেতাসকলৰ ঘৰতো আক্ৰমণ চলাইছে’, এইদৰে মন্তব্য কৰে সম্পাদকগৰাকীয়ে।

ইফালে চিপিএম কাৰ্যালয় সম্পাদক হৰিপদা দাসে কয় যে ৰাজ্যখনৰ ৯৫ টা কাৰ্যালয় জ্বলাই দিয়া তথা ভাঙি-চিঙি তচনচ কৰাৰ খবৰ লাভ কৰা গৈছে।

উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিজেপি-আইপিএফটিৰ কৰ্মীয়ে চিপিআই(এম)ৰ কৰ্ম-কৰ্তাক আক্ৰমণ কৰি আঘাতগ্ৰস্ত কৰা বুলি ৰাজ্যিক চিপিএমে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে এই সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া প্ৰদীপ দেই কয় যে ৰাজ্যখনৰ কিছু কিছু অংশত সৰু সুৰা আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে।

তেনেকুৱা ঘটনাৰ খবৰ লাভ কৰা মাত্ৰেই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলি দেই জানিবলৈ দিয়ে।