NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ক্ৰীড়াৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ পোষকতা ৰাজ্যিক ক্ৰীড়া মন্ত্ৰীৰ

March 18, 2018 12:47 pm · পান্না ঘোষ

ত্ৰিপুৰাৰ নৱ নিযুক্ত ক্ৰীড়া মন্ত্ৰী মণোজ কান্তি দেৱে ৰাজ্যখনত ক্ৰীড়াৰ উন্নয়নৰ বাবে বিশেষ গুৰুত্ব দিয়াৰ পোষকতা কৰিছে।

শনিবাৰে মন্ত্ৰী দেৱে উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰত অৱস্থিত ৰিজিঅ’নেল কলেজ অৱ ফিজিকেল এডুকেশ্যন স্প’ৰ্টছ কমপ্লেক্স পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে।

উক্ত পৰিদৰ্শনৰ সময়ছোৱাতে মন্ত্ৰীগৰাকীক স্প’ৰ্টছ কমপ্লেক্সৰ কৰ্মকৰ্তা সকলে সম্বৰ্ধনাও জ্ঞাপন কৰে। পাছত সাংবাদিকৰে হোৱা মত বিনিময়ত মন্ত্ৰী দেৱে কয়ঃ ‘বাওঁ দলৰ সুদীৰ্ঘ শাসনৰ সময়ছোৱাত ৰাজ্যত ক্ৰীড়াৰ উন্নয়নৰ বাবে বা প্ৰতিভাৱান খেলুৱৈ সকলক এখন মঞ্চ দিয়াৰ বাবে কোনো উদ্যোগ গ্ৰহণ কৰা নহ’ল। বিভাগটোত সোঁৱে-বাঁওে কেৱল দুৰ্নীতি সংঘটিত কৰিলে একাংশই।

আনহাতে অলিম্পিকত পদক বিজয়ী জিমনাষ্ট দীপা কৰ্মকাৰৰ বাহিৰে ত্ৰিপুৰাত ৰাজ্যিক বা ৰাষ্ট্ৰীয় স্তৰত সাফল্য লাভ কৰা খেলুৱৈ নাই বুলিও আক্ষেপ প্ৰকাশ কৰি মন্ত্ৰী দেৱে কয় যে এতিয়াৰে পৰা ৰাজ্যখনৰ খেলুৱৈ সকলে যাতে এখন উপযুক্ত মঞ্চ লাভ কৰি উজলি উঠিব পাৰে তাৰ বাবে নতুন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে ৰাজ্যখনৰ নৱ নিযুক্ত ক্ৰীড়া মন্ত্ৰী মণোজ কান্তি দেৱক এই পৰিদৰ্শন কালত সংগ দিয়ে স্থানীয় বিধায়ক বিভূতি ভূষণ দাসৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে।

 

Related News