• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2026 12:59 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ছাত্ৰ সমাজৰ ভৱিষ্যত ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলি আছে আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়া তৰুণ প্ৰজন্মই হৈছে দেশৰ প্ৰকৃত শক্তি। দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত ছাত্ৰ আন্দোলনৰ কাষত থিয় দি এনেদৰেই এক শক্তিশালী বাৰ্তা প্ৰদান কৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ইয়াৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্ত কৰাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমা বিচৰালৈকে মুঠ তিনিটা দাবী উত্থাপন কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে তেওঁ। প্ৰধানমন্ত্ৰী মোদীক সকিয়নী দি ৰাহুল গান্ধীয়ে কয় যে নৰেন্দ্ৰ মোদী ভাৰতৰ অতীত আৰু অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে।

ছাত্ৰ সমাজৰ হৈ ৰাহুল গান্ধীয়ে মূলতঃ তিনিটা আপোচবিহীন দাবী উত্থাপন কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই দাবীসমূহক লৈ কোনো ধৰণৰ বুজাবুজি হ’ব নোৱাৰে। তেওঁৰ প্ৰথম দাবীটো হ’ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক কেৱল বিভাগ সলনি কৰাই নহয়, তেওঁক কেবিনেটৰ পৰা সম্পূৰ্ণৰূপে বৰ্খাস্ত কৰিব লাগিব। দ্বিতীয়তে, আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত হোৱা আৰক্ষীৰ নিৰ্যাতন আৰু লাঠীচালনাক তীব্ৰ গৰিহণা দি তেওঁ কয় যে হাজাৰ হাজাৰ ছাত্ৰ-যুৱক আজিকালি আহত হৈছে। যিসকলে এই হিংসাৰ নিৰ্দেশ দিছিল আৰু যিসকলে এই কাম কৰিছে তেওঁলোকক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। তৃতীয়তে, সমগ্ৰ ব্যৱস্থাটো পৰিচালনা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ছাত্ৰ সমাজৰ ওচৰত ক্ষমা খুজিব লাগিব। আন্দোলনকাৰী শিক্ষাৰ্থীসকলক যিদৰে প্ৰহাৰ আৰু অপমান কৰা হৈছে তাৰ সম্পূৰ্ণ দায়িত্ব প্ৰধানমন্ত্ৰীৰ বুলিও তেওঁ দাবী কৰে।

Apply Now

কেবিনেট পৰ্যায়ত ধৰ্মেন্দ্ৰ প্ৰধানক অন্য মন্ত্ৰালয়লৈ বদলি কৰাৰ জল্পনা-কল্পনা সন্দৰ্ভত ৰাহুলে স্পষ্টকৈ কয় যে এয়া গ্ৰহণযোগ্য নহয়। দেশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমাৰ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ ভৱিষ্যত। সেয়েহে ধৰ্মেন্দ্ৰ প্ৰধানক ইয়াৰ পৰা তালৈ বদলি কৰাৰ কোনো প্ৰশ্নই নুঠে, তেওঁক বৰ্খাস্ত কৰিবই লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ভিডিঅ’ বাৰ্তাৰ প্ৰসঙ্গ টানি ৰাহুলে কটাক্ষ কৰি কয় যে পৰামৰ্শৰ সৈতে এই আন্দোলনৰ কোনো সম্পৰ্ক নাই। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ বনাই ভাল ভাল পৰামৰ্শ অহা বুলি কৈছে, কিন্তু আচল দাবীটো হ’ল ধৰ্মেন্দ্ৰ প্ৰধানৰ অপসাৰণ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত চলোৱা বৰ্বৰতাৰ বাবে মুকলিকৈ ক্ষমা বিচৰা।

আন্দোলন দমন কৰিবলৈ ইণ্টাৰনেট বন্ধ কৰা, বেৰিকেড লগোৱা, মেট্ৰ’ ষ্টেচনৰ গেট বন্ধ কৰা আৰু বিশ্ববিদ্যালয়সমূহৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ভাবুকি দিয়াৰ দৰে পদক্ষেপৰ সন্দৰ্ভত ৰাহুলে দৃঢ়তাৰে কয় যে চৰকাৰৰ কোনো দমন নীতিয়েই কাম নিদিয়ে। তেওঁ শিক্ষাৰ্থীসকলক চিন্তা নকৰিবলৈ আহ্বান জনাই কয় যে ভাৰত চৰকাৰৰ কোনো শক্তিয়েই তেওঁলোকক আঁতৰাব নোৱাৰে। শেষত যুৱ সমাজক দেশৰ ভৱিষ্যত হিচাপে উল্লেখ কৰি ৰাহুল গান্ধীয়ে ঘোষণা কৰে যে চৰকাৰে যি ইচ্ছা তাকেই কৰক, ভাবুকি দিব বিচাৰিলে দিয়ক, কিন্তু কোনেও পিছুৱাই নাযায়। তেওঁ পুনৰ দোহাৰে যে এই যুৱপ্ৰজন্মই ভাৰতৰ ভৱিষ্যত আৰু নৰেন্দ্ৰ মোদী ভাৰতৰ অতীত, আৰু অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd