• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2026 1:09 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত চলি থকা আন্দোলনত এক মোক্ষম আঘাত। ‘ককৰোচ জনতা পাৰ্টি’ বা চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে টাইফয়ডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। কিন্তু গুৰুতৰভাৱে অসুস্থ হোৱাৰ পাছতো এই আন্দোলন স্তব্ধ হৈ নাযায় বুলি তেওঁ স্পষ্টকৈ জনাই দিছে। শনিবাৰে ছচিয়েল মিডিয়াত দিয়া এক ভিডিঅ’ বাৰ্তাত তেওঁ এই আন্দোলন চলাই নিয়াৰ কথা ঘোষণা কৰে।

শ্বেয়াৰ কৰা ভিডিঅ’ বাৰ্তাত অভিজিতে জনায় যে যোৱা কেইবাদিন ধৰি তেওঁ অসুস্থ অনুভৱ কৰি আছিল। সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত তেওঁৰ দেহত টাইফয়ড ধৰা পৰে। বৰ্তমান তেওঁক চিকিৎসালয়ত আইভি ড্ৰিপ আৰু চেলাইন দি চিকিৎসকে পৰ্যবেক্ষণত ৰাখিছে। এই অসুস্থতাৰ মাজতো তেওঁ দেশৰ বিভিন্ন প্ৰান্তত অহিংস আৰু শান্তিপূৰ্ণভাৱে আন্দোলন চলাই থকা চিজেপি সমৰ্থকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। সমৰ্থকসকলক অভিনন্দন জনাই চিজেপি প্ৰধানগৰাকীয়ে কয় যে সমৰ্থকসকলে যিদৰে সমগ্ৰ দেশত এই আন্দোলন বিয়পাই দিছে, তাৰ বাবে সকলোকে অভিনন্দন। তেওঁ লগতে কয় যে যিদৰে যুঁজ চলি আছে, অতি সোনকালেই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আদায় কৰিব পৰা যাব বুলি তেওঁ নিশ্চিত।

Apply Now

ধাৰাবাহিক আৰু শান্তিপূৰ্ণ প্ৰতিবাদে তেওঁলোকৰ মূল লক্ষ্য পূৰণ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাস কৰে। উল্লেখ্য যে, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চিজেপিৰ এই আন্দোলন আৰম্ভ হৈছিল। পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা, নিযুক্তি আৰু প্ৰৱেশ পৰীক্ষাত সংস্কাৰৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইয়াত জনোৱা হৈছে। এই আন্দোলনত পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ২৬ দিনীয়া অনশন পালন কৰিছিল। আন্দোলনকাৰীৰ ওপৰত কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰা, সংসদত পৰীক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা আৰু নিহত ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে লিখিত আশ্বাস দিয়াৰ পাছত সোণম ৱাংচুকেই অনশন প্ৰত্যাহাৰ কৰে। কিন্তু কেন্দ্ৰই আশ্বাস দিলেও মন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰা পৰ্যন্ত দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিয়ে নিজৰ প্ৰতিবাদ চলাই যাব বুলি স্পষ্টকৈ জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

‘‘কংগ্ৰেছে কাজিৰঙাক ধ্বংস কৰিছিল, বিজেপিয়ে ৰক্ষা কৰিছে”, হিমন্ত বিশ্ব শৰ্মা

August 27, 2026 11:17 am
মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

যজ্ঞৰ নামত শ্লীলতাহানি! ‘ছয়তানৰ ছাঁ’ আঁতৰোৱাৰ অজুহাতত কেইবালাখ টকাৰ সম্পত্তি লুট তান্ত্ৰিকৰ

August 27, 2026 1:03 pm
স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

স্বজনতোষণ আৰু ক্ষমতাৰ অপব্যৱহাৰ! ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিস্ফোৰক অভিযোগ

August 27, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd