ত্ৰিপুৰাত চাহ শ্ৰমিকসকল শোষণ-বঞ্চনাৰ বলি হোৱাৰ অভিযোগ অৰ্জুন মুণ্ডাৰ

ত্ৰিপুৰাত চাহ শ্ৰমিকসকল শোষণ-বঞ্চনাৰ বলি হোৱাৰ অভিযোগ তুলিছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী অৰ্জুন মুণ্ডাই। নিৰ্বাচন অভিমুখী ত্ৰিপুৰাত আজি বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ আহি ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰীজনে এই অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈলাসৰ কুৰ্তি কদমতল বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগ বঢ়োৱা বিজেপিৰ টিংকু ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিছিল।

নিৰ্বাচনী সভাত উপস্থিত ৰাইজক সম্বুধি তেওঁ কয় যে যোৱা ২৫ বছৰে ত্ৰিপুৰা চৰকাৰে চাহ শ্ৰমিকসকলৰ অৱস্থা পৰিৱৰ্তনৰ বাবে একোৱেই নকৰিলে। আনকি তেওঁলোকক প্ৰধান মন্ত্ৰী ঘৰ যোজনা আঁচনিখনো দিয়া হোৱা নাই।

তেওঁ উপস্থিত ৰাইজক বিকাশৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান জনায়।

আনহাতে প্ৰাৰ্থী টিংকু ৰয়েও chalo paltae শ্ল’গান আওৰাই বিকাশৰ বাবে তেওঁক ভোট দিবলৈ কয়।

উল্লেখযোগ্য যে ত্ৰিপুৰাত অহা ১৮ ফেব্ৰুৱাৰিত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ৬০ খনীয়া বিধানসভাৰ আসনযুক্ত ৰাজ্যখন নিজৰ দখললৈ নিবৰ বাবে বিজেপিয়ে এক সংকল্প গ্ৰহণ কৰাৰ দৰে কাম কৰিছে। প্ৰায়বোৰ মুখ্য ৰাষ্ট্ৰীয় নেতাই ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। অসমৰ শিক্ষা, বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনত দলৰ নিৰ্বাচনী দায়িত্বত আছে।

৬০খন বিধানসভা আসনৰ বাবে মুঠ ২৯৭ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, যাৰ ভিতৰত ২০ গৰাকী মহিলা।