ত্ৰিপুৰাত চি পি আই (এম) শ্ৰমিক কাৰ্যালয়ৰ পৰা উদ্ধাৰ চোকা অস্ত্ৰ

Sharp-weapon-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

সোমবাৰে ৰাতিপুৱা ত্ৰিপুৰাৰ বট্টালাস্থিত চি পি আই(এম) মটৰ শ্ৰমিক ট্ৰেড ইউনিয়’নৰ মটৰ শ্ৰমিক সন্থাৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু আপত্তিজনক তথা চোকা অস্ত্ৰ ।

এই সন্দৰ্ভত জিলা  দণ্ডাধীশ মিলিণ্ড ৰামটেকে নাগেৰজলা মটৰ আস্থান অঞ্চলৰ ট্ৰেড ইউনিয়’ন কাৰ্যালয়ৰ পৰা পুৰণি ৰদৰ লগতে বহুতো আপত্তিজনক চোকা অস্ত্ৰ উদ্ধাৰ কৰা হয় বুলি জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে কাৰ্যালয়টোৰ পৰা কোনো ধৰণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে।

শ্ৰমিক কাৰ্যালয়টোত আপত্তিজনক তথা চোকা অস্ত্ৰ থকা বুলি কৰা এক অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে অনুসন্ধান চলায় অস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যদিহে পৰৱৰ্তী সময়ত আৰু অভিযোগ দাখিল কৰা হয় তেন্তে এই সন্দৰ্ভত যথাযথ ব্যৱস্থা গ্ৰহণ কৰিব বুলি পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক অভিজিৎ সপ্তৰ্ষিয়ে জানিবলৈ দিয়ে।

চোকা অস্ত্ৰ উদ্ধাৰ হোৱা সম্পৰ্কত বিজেপিৰ মুখপাত্ৰ অশোক সিনহাই মত প্ৰকাশ কৰি কয় যে আজিৰ ঘটনাই ২০১১ চনত পশ্চিম বংগত চি পি আই (এম) ক্ষমতাচ্যুত হোৱাৰ পাছতেই পাৰ্টিৰ কাৰ্যালয়ৰ পৰা অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাকে পুনৰ এবাৰ মনত পেলায় দিলে।

‘অন্য দলৰ বাবে হিংসাত্মক কাৰ্যকলাপ দল বিৰুদ্ধ নীতি। কিন্তু চিপি আই (এম)ৰ বাবে হিংসাত্মক কাৰ্যকলাপ এক দলীয় কৌশল’, এইবুলিও মন্তব্য কৰে সিনহাই।

ইয়াৰ উপৰি তেওঁ চি পি আই (এম)ৰ অন্য কাৰ্যালয়সমূহতো এনেধৰণৰ অস্ত্ৰ-শস্ত্ৰ থকাৰ সন্দেহ ব্যক্ত কৰি সকলো ৰাইজকে সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনায়।

ইফালে চিপিএমৰ ৰাজ্যিক সম্পাদক বিজন ধৰে অস্ত্ৰ উদ্ধাৰৰ বিষয়টো সম্পূৰ্ণৰূপে নাকচ কৰি এয়া দলটোক শলঠেকত পেলোৱাৰ এক পুৰণি কৌশল বুলি কয়।