মঙলবাৰে ৰাজ্যখনত টি এছ আৰৰ কমাণ্ডেণ্টৰ ব্যক্তিগত নিৰাপত্তা ৰক্ষীয়ে এজন সাংবাদিকক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত আজি বিজেপি দলে আহ্বান জনোৱা ১২ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ মাজতে কেইবাটাও সংঘৰ্ষৰ বাতৰি পোৱা গৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে একাধিক বিক্ষিপ্ত ঘটনাত বিজেপি ৫জন, কংগ্ৰেছৰ ৪জন আৰু চিপিএমৰ ২জন সমৰ্থকৰ লগতে এজন আৰক্ষীৰ জোৱানো আহত হৈছ। আহতসকলৰ কেইজনমানৰ নাম হ’ল ৰাজেশ সাহা, সুমন ঘোষ, দীপ্তানু চৌধুৰী, সঞ্জয় দাস আৰু আৰক্ষী জোৱানজনৰ নাম শ্ৰীকান্ত বৰ্ধন। বিজেপিৰ ৰাজেশ সাহাক আই জি এম আৰু দীপ্তাণু চৌধুৰীক জি বি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। কংগ্ৰেছৰ আহতকেইজনৰ ভিতৰত আছে বিকি শীল, শান্তনু পাল, টুতল দে’, সুশান্ত চক্ৰবৰ্তী। চি পি আই-এমৰ এজন আহত কৰ্মীৰ নাম সুমন ঘোষ। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে আৰক্ষীৰ বিৰুদ্ধে পৰিস্থিতি নিয়ন্ত্ৰণত দায়িত্বৰ অৱহেলা কৰাৰ অভিযোগ উঠিছে। আৰক্ষীৰ উপস্থিতি সত্ত্বেও দুটা দলৰ কৰ্মীয়ে মুখামুখিকৈ সংঘৰ্ষত লিপ্ত হোৱাৰ সুযোগ কেনেকৈ পালে বুলি প্ৰশ্ন কৰিছে ৰাইজে।
ত্ৰিপুৰাত বিক্ষিপ্ত ঘটনাত বিজেপিৰ ৫জন, কংগ্ৰেছৰ ৪জন আৰু চিপিএমৰ ২জন কৰ্মী-সমৰ্থক আহত
-
By NE NOW NEWS
- Categories: ত্ৰিপুৰা
Related Content
স্কুলৰ পৰা ওভতাৰ পথত অপহৰণ কৰি পঞ্চম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ! অভিযুক্তৰ সন্ধানত আৰক্ষী
By
এন ই নিউজ ব্যুৰো, আগৰতলা :
September 16, 2024 9:53 am
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ২২৫ জন অবৈধ প্ৰব্ৰজনকাৰীক কৰায়ত্ত
By
এন ই নিউজ ব্যুৰো, আগৰতলা :
August 22, 2024 11:17 am
বাংলাদেশ অস্থিৰ হ’লে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, মিয়ানমাৰতো প্ৰভাৱ পৰিব; সকীয়নি মহম্মদ ইউনুছৰ
By
এন ই নিউজ ব্যুৰো, আগৰতলা :
August 8, 2024 11:02 am
প্ৰাণৰ মমতাত দেশ এৰি পলায়ন শ্বেখ হাছিনাৰ; ঢাকা ত্যাগ কৰি ভাৰতৰ ত্ৰিপুৰাত উপস্থিত হাছিনা
By
এন ই নিউজ ব্যুৰো, আগৰতলা :
August 5, 2024 7:11 pm
আহি আছে পঞ্চায়ত নিৰ্বাচন : নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ ঘৰত উদ্ধাৰ ৫০ লাখ টকাৰ ড্ৰাগছ
By
এন ই নিউজ ব্যুৰো, আগৰতলা :
July 27, 2024 5:32 pm
স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ মহিলা আৰু তেওঁৰ প্ৰেমিক
By
এন ই নিউজ ব্যুৰো, আগৰতলা :
July 23, 2024 8:38 am