ত্ৰিপুৰাত বিজেপিৰ বিজয় সম্পুৰ্ণ অনাকাংক্ষিত আছিল : মাণিক সৰকাৰ

Manik_Sarkar

সদ্য-সমাপ্ত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয় ‘সম্পুৰ্ণ অনাকাংখিত’ আছিল বুলি ত্ৰিপুৰাৰ চাৰি বাৰৰ মুখ্য মন্ত্ৰী মাণিক সৰকাৰে মন্তব্য কৰে।

বিজেপি আৰু ইয়াৰ সহযোগী দল আই পি এফ টিৰ হাতত চি পি আই (এম)ৰ শোচনীয় পৰাজয়ৰ পিচত এন ডি টি ভিৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সৰকাৰে কয়, ‘এই পৰাজয়ৰ আমি পৰ্যালোচনা কৰিম… এনে এটা ফলাফলৰ বাবে আমি সাজু নাছিলো’।

দলে বহি লৈ ফলাফলৰ পৰ্যালোচনা কৰিব বুলি জনাই তেওঁ কয়, ‘এয়া এক সম্পুৰ্ণ অনাকাংক্ষিত ফলাফল। কিন্তু চাওক, কালি ৰাতি ফলাফল ঘোষণা হৈছেহে। সেয়ে আমি এতিয়া ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সকলো তথ্য যোগাৰ কৰি আছো।’ পৰিসংখ্যাৰ পৰ্যালোচনা নকৰাকৈ সিদ্ধান্তলৈ অহাটো সঠিক নহ’ব বুলি মন্তব্য কৰি তেওঁ কয়, ‘সেয়ে আমি অপেক্ষা কৰিব লাগিব’।

উল্লেখ্য যে, শনিবাৰে ফলাফল ঘোষণা হোৱা ত্ৰিপুৰা নিৰ্বাচনত মাণিক সৰকাৰ নেতৃত্বাধীন চি পি আই (এম) এ মাত্ৰ ১৬ খন আসন হে দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে বিজেপি-আই পি এফ টি মৃত্ৰজোঁটে ৪৩ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল।