ত্ৰিপুৰাত বিজেপি কৰ্মীক হত্যাৰ অভিযোগ চি পি আই (এম)ৰ বিৰুদ্ধে, অভিযোগ অস্বীকাৰ চি পি আই (এম)ৰ

বিজেপি কৰ্মীজনৰ মৃতদেহ

বিজেপি কৰ্মীজনৰ মৃতদেহ

নিৰ্বাচনমুখী ত্ৰিপুৰাত অন্য এক হিংসাত্মক ঘটনাত শাসনাধিষ্ঠিত চি পি আই (এম)এ কালি ৰাতি এজন বিজেপি কৰ্মীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই বছৰত এইটো হৈছে এনেধৰণৰ ৮মটো ঘটনা।

পশ্চিম ত্ৰিপুৰা জিলাৰ শিম্না বিধানসভা সমষ্টিৰ চিধাই আৰক্ষী থানাৰ অন্তৰ্গত কাথাচ্চেৰা গাঁৱত এই ঘটনাটো সংঘটিত হৈছে।

বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক ৰতন লাল নাথে কয়, ‘কাথাচ্চেৰা গাঁৱৰ বিজেপি যুৱ মৰ্চ্চা কৰ্মী চিৰঞ্জিত দাসক অভিযোগ অনুসৰি চিপিএম সমৰ্থক কাৰ্তিক দাসে হত্যা কৰিছে। চিৰঞ্জিতৰ মাক বিথিকা দাস বিজেপিৰ এগৰাকী পৃষ্টা প্ৰমুখ আৰু তেওঁলোকৰ দোকানতে বিজেপিৰ কাৰ্য্যালয় মুকলি কৰা হৈছিল।’

তেওঁ লগতে কয়, ‘যোৱা এটা বছৰত চি পি আই (এম)এ কমেও সাতজন বিজেপি কৰ্মীক হত্যা কৰিছে। শাসনাধিষ্ঠিত দলটো হতাশ হৈছে আৰু বিজেপিক সমৰ্থন কৰা আৰু যোগ দিয়া ভোটাৰসকলক সন্ত্ৰস্ত কৰিব খুজিছে।’

হত্যাকাণ্ডৰ ঘটনা অব্যাহত থকা সন্দৰ্ভত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৱিজয় চাম্প্লাই কয়, ‘ত্ৰিপুৰাত আইন-শৃংখলা বুলি কোনো বস্তু নাই আৰু এই হত্যাকাণ্ডসমূহে এই সত্য প্ৰত্যায়িত কৰিছে।’

আনহাতে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক বিজন ধৰে যোৱাকালিৰ ঘ্টনাটোৰ লগতে অন্যান্য ঘটনাসমূহৰ সৈতে চি পি আই (এম) কৰ্মী বা সমৰ্থক জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

তেওঁ কয়, ‘হত্যাকাণ্ডটোৰ কোনো খবৰ মোৰ হাতত নাই আৰু ঘটনাটো ক’ত হৈছে মই ক’ব নোৱাৰো।’

যোৱা এসপ্তাহত্কৈও কম সময়ত ত্ৰিপুৰাত এইটো চতুৰ্থটো হত্যাকাণ্ড।

সোমবাৰে খোৱাই জিলাৰ চম্পাহোৱাৰ এখন ৰবৰৰ বাগানত এগৰাকী জনজাতীয় মহিলাৰ দেহ উদ্ধাৰ হৈছিল।

চম্পাহোৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তাৰাধন দেববাৰ্মাই কয়, ‘প্ৰথম দৃষ্টিত এইটো সুস্পষ্ট যে মহিলাগৰাকীক হত্যা কৰা হৈছে।

নিহত মহিলাগৰাকীক মলীনা দেববাৰ্মা বুলি চিনাক্ত কৰা হৈছে। ঘটনা সংঘটিত হোৱা উতলাবাৰীত ডগ স্কুৱাদ আৰু ফৰেনছিক দল তাত উপস্থিত হৈ হত্যাকাণ্ডটোৰ তদন্ত চলোৱাৰ চেষ্টা কৰিছে।

দুদিন পূৰ্বে ধৰ্মনগৰত অন্য এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু আগৰতলাত নৰ্দমাত মূৰ থেতেলিয়াই থোৱা অৱস্থাত এগৰাকী আৰু গংগানগৰত অন্য এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

যোৱা ৩ জানুৱাৰিত দক্ষিণ ত্ৰিপুৰাৰ পিআৰ বাৰী আৰক্ষী থানাৰ ৰাজনগৰৰ অমূল্য মালাকাৰ নামৰ এগৰাকী বিজেপি সমৰ্থকক এজন চি পি আই (এম) সমৰ্থকে হত্যা কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজনকে ধৰি অন্য পাঁচজন আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।