ত্ৰিপুৰাত বিজেপি সমৰ্থকে আগচি ধৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰক

MANIKSARKAR

ফাইল ফটো

ত্ৰিপুৰাত সোমবাৰে সন্ধিয়া বিজেপিৰ কিছু সমৰ্থকে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰক এটা বাংলোত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰাক লৈ সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ। এই ঘটনাটো সংঘটিত হৈছে ধলাই জিলাৰ গন্ধচেৰাত।

জানিব পৰা মতে প্ৰাক্তন মুখ্য মন্ত্ৰী সৰকাৰে এখন বাহনেৰে গৈ থকা অৱস্থাতে বিজেপিৰ বহু সংখ্যক সমৰ্থকে তেওঁৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওৰাই তেওঁৰ গাড়ীখন আবদ্ধ কৰি ৰাখে আৰু গন্ধচেৰা বাংলোত প্ৰবেশ কৰাত বিজেপিৰ সমৰ্থকসকলে বাধা প্ৰদান কৰে।

এই অৰাজক পৰিস্থিত উদ্ভৱ হোৱাৰ পাছতে বাহনখনত যাতে কোনো ধৰণৰ আক্ৰমণ তথা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষীৰ বৃহৎ এটা দল আৰু মানিক সৰকাৰৰ নিৰাপত্তাৰক্ষীয়ে বাহনখন আগুৰি ধৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্তমানৰ বিৰোধী দলৰ দলপতিগৰাকীক নিৰাপত্তা প্ৰদান কৰে।

এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় আধা ঘণ্টামান পাছত ঘটনাস্থলী এৰি যায় মানিক সৰকাৰে।

উল্লেখ্য যে ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা বিজেপিৰ সমৰ্থকসকলে ৰাজ্যখনত সৃষ্টি কৰি আহিছে অৰাজক পৰিস্থিতিৰ। কেতিয়াবা গুণ্ডাগিৰি দেখুৱাই বাওপন্থীৰ নেতা-কৰ্মীৰ সৈতে সংঘাতত লিপ্ত হয় আৰু কেতিয়াবা তেওঁলোকৰে অংশীদাৰী দল আইপিএফটিৰ কৰ্মীৰ লগত লিপ্ত হয় প্ৰচণ্ড মাৰপিটত। বিজেপি কৰ্মীৰ এনে কৰ্ম কাণ্ডই এতিয়া শীৰ্ষ পৰ্যায়তে নহয় সাধাৰণ জনসাধাৰণকো অস্বস্তিত পোলেৱা পৰিলক্ষিত হৈছে।