ত্ৰিপুৰাত স্থায়ী কলা বিথিকা স্থাপনৰ প্ৰতিশ্ৰুতি উপ মুখ্য মন্ত্ৰীৰ

Jishnu-Debbarma-1-570x320

ত্ৰিপুৰাৰ উপ মুখ্য মন্ত্ৰী জিষ্ণু দেব বৰ্মা

ৰজাৰ আমোলৰ পৰাই ত্ৰিপুৰাত কলা এক ঐতিহাসিক সম্পদ হিচাপে পৰিগণিত হৈ আহিছে যদিও কলাকাৰসকলক তেওঁলোকৰ প্ৰপ্য সন্মান দিয়া হোৱা নাই বুলি আক্ষেপ কৰিছে ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী জিষ্ণু দেববৰ্মাই। তেওঁলোকক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা নাইবা নিয়োজনৰ ব্যৱস্থা কৰাৰ বাবে অনীহা দেখুৱাই অহা হৈছে বুলি উপমুখ্য মন্ত্ৰীগৰাকীয়ে আক্ষেপ কৰিছে।

তেওঁৰ ভাষণত উপ প্ৰধান মন্ত্ৰীগৰাকীয়ে কয় যে শিল্পীসকলৰ সৃষ্টিৰাজি প্ৰদৰ্শন কৰাৰ বাবে এটা স্থায়ী কলা বিথিকা স্থাপন কৰাৰ বাবে আৰু তেওঁলোকৰ উপাৰ্জনৰ উৎস নিশ্চিত কৰাৰ বাবে তেওঁ ব্যক্তিগতভাৱে মুথ্য মন্ত্ৰীক অনুৰোধ কৰিব।

বৃহস্পতিবাৰে আবেলি আগৰতলাৰ চিটি চেণ্টাত অনুষ্ঠিত এখন পেইণ্টিং প্ৰদৰ্শনীৰ উদ্বোধনী অধিৱোশনত ভাষণ প্ৰদান কৰি উপ মুখ্য মন্ত্ৰীগৰাকীয়ে কাৰো বিৰূদ্ধে প্ৰত্যক্ষ অভিযোগ নকৰাকৈ কয় যে  তেওঁলোকৰ চৰকাৰে বিগত কেইবছৰত গঢ় হৈ উঠা এই নেতিবাচক পৰম্পৰাটোৰ অৱসান ঘটাব।