ত্ৰিপুৰাৰ উপ-নিৰ্বাচনত ভোটাৰৰ লক্ষণীয় অংশগ্ৰহণ : প্ৰাৰ্থী নিদিলে চি পি আই এমে

Charilam_bypoll

আজি অনুষ্ঠিত ত্ৰিপুৰা বিধানসভাৰ চাৰিলাম সমষ্টিৰ উপ-নিৰ্বাচনত ভোটাৰৰ ব্যাপক অংশগ্ৰহণ চকুত পৰে আৰু প্ৰায় ৭৫ শতাংশ ভোটদান হোৱা বুলি  জানিব পৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰা ত্ৰয়োদশ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হৈছিল যদিও নিৰ্বাচনৰ এসপ্তাহৰ পূৰ্বে চাৰিলাম সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী  ৰমেন্দ্ৰ নাৰায়ণ দেৱবৰ্মনৰ মৃত্যু হোৱাত সমষ্টিটোৰ নিৰ্বাচন স্থগিত ৰখা হৈছিল।

মন কৰিব লগীয়া যে আজি উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টিটোত চি পি আই (এম)-এ প্ৰাৰ্থী দিয়া নাই। দলটোৱে প্ৰথম অৱস্থাত সমষ্টিটোৰ বাবে পলাশ দেৱবৰ্মনক প্ৰাৰ্থী ঘোষণা কৰিছিল যদিও যোৱা নিৰ্বাচনৰ ফলাফল বিজেপিৰ সপক্ষে যোৱাৰ পিছতে সমষ্টিটোৰ বিভিন্ন ঠাইত ব্যাপক হিংসাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি প্ৰাৰ্থী প্ৰত্যাহাৰ কৰে।

আজিৰ নিৰ্বাচনত ৰাজ্যখনৰ নৱগঠিত মন্ত্ৰীসভাৰ উপ-মুখ্য মন্ত্ৰী জিষ্ণু দেৱবৰ্মন বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁৰ লগতে কংগ্ৰেছৰ অৰ্জুন দেৱবৰ্মা, ইণ্ডিজেনাছ নেশ্যনেলিষ্ট পাৰ্টি অব ত্ৰিপুৰাৰ উমাশংকৰ দেৱবৰ্মা আৰু নিৰ্দলীয় জ্যোতিলাল দেৱবাৰ্মায়ো সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিছে।

সমষ্টিটোৰ নিৰ্বাচনৰ ভোটগণনা অহা ১৫ মাৰ্চত হ’ব।

যোৱা ৩ মাৰ্চত ফলাফল ঘোষিত ৫৯খন আসনৰ ভিতৰত বৰ্তমান চৰকাৰ গঠন কৰা বিজেপি-আই পি এফ টি মৰ্চাই ৪৩ খন লাভ কৰাৰ বিপৰীতে বাওঁমৰ্চাই লাভ কৰিছিল ১৬ খন।