ত্ৰিপুৰাৰ চি পি আই এম চৰকাৰৰ মাথো ৪৫ দিনহে সময় আছে: হিমন্ত

ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ্য নেতা তথা নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্সৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাই কালি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ সমষ্টি ধনপুৰৰ কথালিয়াত অনুষ্ঠিত এখন জনসভাত অংশ গ্ৰহণ কৰি শাসনাধিষ্ঠ চি পি আই এম দলক ক্ষুৰধাৰ সমালোচনা কৰে। এইখন চৰকাৰ আৰু মাত্ৰ ৪৫ দিনৰ বাবেহে শাসনত থাকিব আৰু তাৰ পিছত বাংলাদেশলৈ যাব লাগিব বুলি এই জনসভাখনতে হিমন্তই মন্তব্য কৰে। যোৱা ২৫ বছৰত ত্ৰিপুৰাৰ আইন কানুন সম্পূৰ্ণকৈ ধংস গৰাহত পৰিণত হোৱা বুলিও কয়।

ত্ৰিপুৰাৰ চি পি আই এম দলে নিৰ্বাচনৰ প্ৰাক মূহূ্ৰ্তত বিৰোধীদলক বিভিন্ন ভয় ভাবুকি তথা উচতনি প্ৰদান কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে। কিন্তু কিছুদিনৰ পিছত ত্ৰিপুৰাৰ শাসনভাৰ বিজেপিয়ে দখল কৰাৰ পিছত সকলো সলনি হৈ যাব। আমি ত্ৰিপুৰাৰ শাসনভাৰ দখল কৰাৰ পিছত সকলো অপৰাধীলোককে উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলি ভাষণ প্ৰসংগত শৰ্মাই মন্তব্য কৰে। আনহাতে অধ্যক্ষ হিমন্তই কয় যে মিত্ৰতা সম্পৰ্কে আলোচনা চলি আছে কিন্তু এতিয়ালৈ থিৰাং হোৱা নাই। ত্ৰিপুৰাত মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰৰ দিনত নাৰীৰ ওপৰত অপৰাধ যথেষ্ট সংখ্যক বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে উক্ত জনসভাখনত শৰ্মাৰ লগত উপস্থিত থাকে ত্ৰিপুৰা বিজেপিৰ সভাপতি বিপ্লৱ দেৱ আৰু ভাৰপ্ৰাপ্ত সুনীল দেওধৰ।

মন কৰিবলগীয়া যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিছত মানিক সৰকাৰ বাংলাদেশলৈ যাব লাগিব বুলি কৰা বিতৰ্কিত মন্তব্যৰ পিছতে চি পি আই এমৰ সদস্য সকলে শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।