ত্ৰিপুৰাৰ নিৰ্বাচন : অপৰাধমূলক গোচৰ থকা সৰ্বাধিক সংখ্যক প্ৰাৰ্থী বিজেপিৰ

Tripura

অহা ১৮ ফেব্ৰুৱাৰিত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া ত্ৰিপুৰাত ৬০খন আসনত বিভিন্ন দলৰ পৰা মুঠ ২৯৭ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰে ২২জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে বিভিন্ন অপৰাধমূলক গোচৰ। অপৰাধমূলক গোচৰ থকা সৰ্বাধিক সংখ্যক প্ৰাৰ্থী হৈছে ভাৰতীয় জনতা দলৰ। দলটোৰ মুঠ ৫১ জন প্ৰাৰ্থীৰ ১১জনৰ (২২ শতাংশ) বিৰুদ্ধে আছে বিভিন্ন অপৰাধমূলক গোচৰ। আনহাতে গুৰুতৰ অপৰাধৰ গোচৰ থকা সৰ্বাধিক সংখ্যক প্ৰাৰ্থীও আছে গেৰুৱা দলটোতে।

বিজেপিৰ পিছতে এই ক্ষেত্ৰত আগ বাঢ়ি আছে কংগ্ৰেছ। কংগ্ৰেছৰ ৫৯ জনৰ ভিতৰত ৪জন (৭ শতাংশ) প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ।

ইয়াৰ পিছত আছে ক্ৰমে আই পি এফ টিৰ ৯ জনৰ মাজৰ ২জন, তৃণমূল কংগ্ৰেছৰ ২৪ জনৰ মাজৰ এজন আৰু চি পি আই (এম)ৰ ৫৭জন প্ৰাৰ্থীৰ ২জনৰ (৪ শতাংশ) বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে।

‘ত্ৰিপুৰাত অপৰাধমূলক গোচৰ থকা প্ৰাৰ্থী গোটেই উত্তৰ-পূবৰ ভিতৰত তুলনামূলকভাৱে অধিক।’ এইদৰে কয় ত্ৰিপুৰাৰ নিৰ্বাচনী পৰ্য্যৱেক্ষণ সমন্বয়ক বিশ্বেন্দু ভট্টাচাৰ্য্যই।

আনহাতে ৰাজ্যখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা এজন প্ৰাৰ্থীয়ে নিজকে অসাক্ষৰ বুলি তথ্য দিছে।

মুঠ ২৯৭ জন প্ৰাৰ্থীৰ ৩৫জন হ’ল কোটিপতি। সৰ্বাধিক চহকী প্ৰাৰ্থীজন হ’ল বিজেপিৰ জিষ্ণু দেৱবৰ্মন। তেওঁৰ ঘোষিত সম্পত্তি ১১ কোটিতকৈও অধিক।