ত্ৰিপুৰাৰ নিৰ্বাচন: বিজেপিৰ জোৰদাৰ অভিযান, মোদিয়ে চলাব প্ৰচাৰ

narendra modi

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিজেপিয়ে বাওঁ শাষিত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে।

মুঠ ৬০খন আসনৰ বাবে হ’ব লগা বিধানসভা নিৰ্বাচনটোত বিজেপি-আইপিএফটি মিত্ৰজোত চৰকাৰে ৩১ৰ পৰা ৩৭খন আসন লাভ কৰিব বুলি এক নিৰ্বাচনী সমীক্ষাত প্ৰকাশ পোৱাৰ পিছতে দলটোৰ মাজত দুগুণ উৎসাহ দেখা গৈছে।

দলৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদি ৰাজ্যখনত আহি উপস্থিত হ’ব।

উক্ত দিনা প্ৰধান মন্ত্ৰীগৰাকীয়ে ছেপাহিজলা জিলাৰ কালাপানীয়া স্কুল খেলপথাৰ আৰু উনাকোটি জিলাৰ আৰ কে আই স্কুল খেলপথাৰত দুখনকৈ নিৰ্বাচনী জনসমাবেশক সম্বোধন কৰিব।

বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বিশেষ বিমাণ যোগে আহিব লগীয়া মোদি বৃহস্পতিবাৰে দিনৰ ১১.১৫ বজাত আগৰটলা বিমাণ বন্দৰত আহি উপস্থিত হোৱাৰ কথা। তেওঁক ৰাজ্যিক বিজেপি সভাপতি বিপ্লব কুমাৰ দেব আৰু প্ৰভাৰি সুনীল দেওধৰে বিমাণ বন্দৰত গৈ আদৰণি জনাব।

সমাবেশ দুখন সম্বোধন কৰি উঠি তেওঁ সন্ধিয়ালৈ পুনৰ দিল্লী ঘুৰি যোৱাৰ কথা।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদিৰ এইটো প্ৰথম ত্ৰিপুৰা ভ্ৰমণ।

আনহাতে প্ৰধান মন্ত্ৰী গৰাকীৰ ভ্ৰমণক লৈ ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটিয়া কৰি তোলা হৈছে।