ত্ৰিপুৰাৰ সাংবাদিক হত্যাৰ গোচৰত চি বি আইৰ জালত বিজেপিৰ মিত্ৰদল আই পি এফ টিৰ বিধায়ক

Santanu Bhowmik

যোৱা বছৰ আই পি এফ টিৰ পথ অৱৰোধৰ সময়ত সংবাদ সংগ্ৰহ কৰিবলৈ গৈ হত্যাৰ বলি হোৱা শান্তনু ভৌমিক।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ১ জুলাইত ত্ৰিপুৰাত যোৱা বছৰ ২০ ছেপ্তেম্বৰত সংঘটিত সাংবাদিক শান্তনু ভৌমিকৰ হত্যাৰ গোচৰত বিজেপিৰ মিত্ৰদল আই পি এফ টিৰ এজন বিধায়ককে ধৰি ভালেমান লোকক আটক কৰিছে। আই পি এফ টিৰ বিধায়কজনৰ নাম হ’ল ধীৰেন্দ্ৰ দেববৰ্মন। তেওঁৰ উপৰি দলটোৰ নেতা বলৰাম দেববৰ্মন আৰু অমিত দেববৰ্মনকো চি বি আয়ে আটক কৰিছে। লগতে দলটোৰ ৩০০-৫০০ সদস্যকো সোধা-পোছাৰ বাবে আটক কৰে।

উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগা-পিছাকৈ ৰাজ্যখনত সাংবাদিকক হত্যাৰ দুটাকৈ ঘটনা সংঘটিত হৈছিল। শান্তনু ভৌমিকক আই পি এফ টিৰ দ্বাৰা কৰা পথ অৱৰোধৰ সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে অৱৰোধস্থলী মানডোৱাইত হত্যা কৰা হৈছিল। তেওঁক প্ৰথমে অপহৰণ কৰি নি পিছত চোকা অস্ত্ৰেৰে আঘাত কৰি হত্যা কৰা হৈছিল।

আনহাতে আনজন সাংবাদিক সুদীপ দত্তক নৱেম্বৰৰ ২১ তাৰিখে গুলীয়াই হত্যা কৰা হৈছিল ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ ২য় বেটেলিয়নৰ হেড কোৱাৰ্টাৰৰ ভিতৰত।

ৰাজ্যত তেতিয়া শাসনত থকা মানিক সৰকাৰ নেতৃত্বাধীন বাওঁমৰ্চা চৰকাৰে দুয়োটা ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰি দিছিল। সেইমতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিজেপি-আই পি এফ টি চৰকাৰে দুয়োটা গোচৰ চি বি আইক দিয়াত বিচাৰ প্ৰক্ৰিয়া স্থগিত হয় আৰু নতুন তদন্ত আৰম্ভ হয়।

মন কৰিব লগীয়া যে সুকীয়া তিপৰালেণ্ডৰ দাবীৰ ভিত্তিত গঠিত হোৱা আই পি এফ টি বিজেপিৰ মিত্ৰ দল আৰু যোৱা নিৰ্বাচনত বাওঁমৰ্চাক আঁতৰাই দুয়োটা দলে শাসনত বহিছে।

এনে পৰিপ্ৰেক্ষিতত সাংবাদিক হত্যাৰ গোচৰত আই পি এফ টিৰ বিধায়ক চি বি আইৰ জালত পৰাটোৱে অস্বস্তিত পেলাইছে দুয়োটা দলকে।

আনহাতে আই পি এফ টিৰ তৰফৰ পৰা এই পৰ্য্যন্ত কোনো প্ৰতিক্ৰিয়া দিয়া হোৱা নাই। দলে পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি সংবাদ মাধ্যমক এৰাই চলে। যোৱা নিৰ্বাচনত দলটোৰ ৮জন বিধায়ক নিৰ্বাচিত হৈছিল।