ত্ৰিপুৰাৰ স্বাস্থ্য মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি স্বাস্থ্যখণ্ডত সংস্কাৰ আনিবলৈ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা

Pinaki-Das-story-570x320

ত্ৰিপুৰাৰ নৱগঠিত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী সুদীপ ৰয় বৰ্মনে আজি নিজৰ বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণাৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰে অন্যতম হিচাপে তেওঁ ৰাজ্যখনত চিকিৎসকসকলৰ অৱসৰৰ বয়স ৬০ ৰ পৰা ৬৫ বছৰলৈ বৃদ্ধি কৰাটোও আছে। ইয়াৰ দ্বাৰা ৰাজ্যখনত ঘটি থকা চিকিৎসকৰ নাটনিৰ জোৰা মাৰিব খোজা হৈছে বুলি কোৱা হয়। তেওঁ আজিৰ ঘোষণাবোৰ চিকিৎসকসকলৰ সৈতে হোৱা এদিনীয়া আলোচনাৰ অন্তত গ্ৰহণ কৰা বুলি জনায়।

আগৰতলাত আজি এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী বৰ্মনে কয়, ‘স্বাস্থ্যখণ্ডক সৰ্বাধিক গুৰুত্ব দিয়া হ’ব বুলি দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মই আজি চিকিৎসকসকলৰ সৈতে এখন বৈঠকত মিলিত হওঁ।’

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত আধাৰ-ভিত্তিক বায়’মেট্ৰিক উপস্থিতি পঞ্জীয়ন আৰু চি চি টিভিৰ ব্যৱস্থাৰ সূচনা কৰা হ’ব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে। আনহাতে বিশেষজ্ঞ চিকিৎসকৰ নাটনি দূৰ কৰিবলৈ বাহিৰৰ পৰা ঠিকা ভিত্তিত চিকিৎসক আমদানি কৰা অহা, যাতে বাহিৰলৈ লিখি দিয়া ৰোগীৰ সংখ্যা হ্ৰাস কৰিব পৰা যায়। ইয়াৰ লগতে বহুতো চিকিৎসালয়ক উন্নীত কৰা হ’ব আৰু এইবোৰত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰা হ’ব। ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰা কেন্দ্ৰ স্থাপন কৰা হ’ব।

আনহাতে টেলিমেডিচিনৰ সুবিধাটোৰো উন্নীত কৰাৰ প্ৰয়াস কৰা হ’ব বুলি মন্ত্ৰীজনে ঘোষণা কৰে। লগতে তেওঁ কয় যে ৰাজ্যখনত ২১খন ই-হস্পিটেল স্থাপন কৰা হ’ব।

জি পি এছ ব্যৱস্থাযুক্ত ৫০খন ১০২ এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ লগতে বিনামূলীয়া স্বাস্থ্য পৰামৰ্শ পাব পৰাকৈ ১০৪ হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰা হ’ব বুলি জনায়।

স্বাস্থ্যখণ্ডৰ বিভিন্ন কৰ্মচাৰীৰ মাজত তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে পুৰস্কাৰৰ ব্যৱস্থা কৰা হ’ব। নাৰ্ছ আৰু ডাক্তৰসকলৰ মাজত দক্ষতা বিকাশৰ কাৰ্য্যসূচী লোৱা হ’ব, শিশুৰ নিৰাপদ প্ৰসৱ সম্ভৱ হয়। আনহাতে চৰকাৰী চিকিৎসকসকলে জেনেৰিক ঔষধৰ নিদান দিয়াটো বাধ্যতামূলক কৰা হ’ব। ঔষধ নিয়ন্ত্ৰক পৰীক্ষাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব, যাতে ভুৱা ঔষধৰ যোগান বন্ধ কৰিব পৰা যায়। তেওঁ আগৰতলাৰ চৰকাৰী মেডিকেল কলেজৰ মাচুলৰ গাঁথনিও পুনৰীক্ষণ কৰা হ’ব বুলি জনায়।