ত্ৰিপুৰাৰ ৬০ গৰাকী প্ৰতিবাদকাৰী শিক্ষকক গ্ৰেপ্তাৰ

 

সদৌ ত্ৰিপুৰা শিক্ষক সন্থাই যোৱা শুক্ৰবাৰৰ পৰা তেওঁলোকৰ চাকৰিৰ নিশ্চয়তা প্ৰদানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেইল লাইন অৱৰোধ কাৰ্যসূচীৰে এক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছিল।  আন্দোলনৰ ফলত ৪৪ নং অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ আৰু এছ কে পাৰা ৰেইল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ আবদ্ধ কৰি ৰাখে। যাৰ ফলত শ শ ব্যক্তি তথা যান-বাহন আবদ্ধ হৈ ৰয়। কালি সন্ধিয়া ধলাই জিলাৰ পৰা আৰক্ষীয়ে ৬০ গৰাকী প্ৰতিবাদকাৰী শিক্ষকক গ্ৰেপ্তাৰ কৰাত যাতায়াত পুনৰ সূচল হৈ পৰে। মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেইলপথ অৱৰোধ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা প্ৰতিবাদকাৰী শিক্ষকক ধলাই আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰতিবাদস্থলী এৰি দিবলৈ তথা অৱৰোধ কাৰ্যসূচী বাতিল কৰিব নিৰ্দেশ দিয়ে। লক্ষণীয় যে জিলা প্ৰশাসনৰ এই নিৰ্দেশক আওকান কৰাত ১৪৪ ধাৰা জাৰি কৰি প্ৰতিবাদকাৰী শিক্ষক কেইজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে ৰেইল পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ যান-জঁটৰ সমস্যা সমাধান হয় বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

মন কৰিব লগীয়া যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ১০,৩২৩ গৰাকী শিক্ষকে ৩১ ডিচেম্বৰৰ পৰা চাকৰি হেৰুৱাব লাগিব। ব্যাপক অনিয়ম প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰিছিল শিক্ষকসকলে যাৰ বাবে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে।

পৰৱৰ্তীকালত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ১২০০০ হাজাৰ পদৰ সৃষ্টি কৰি এই শিক্ষক সকলক নিযুক্তি প্ৰদানৰ আশ্বাস দিছিল। কিন্তু আজিলৈ এই প্ৰক্ৰিয়া কাৰ্যক্ষম নোহোৱাত শিক্ষক সকলে  নিজৰ চাকৰি হেৰুৱাৰ ভয়ত সদৌ ত্ৰিপুৰা শিক্ষক সন্থাই এই প্ৰতিবাদ তথা অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।