ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চই ঘোষণা কৰিলে বিজেপিৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ কথা

প্ৰতিনিধিত্বমূলক চিত্ৰ

ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চ(Indigenous People’s Front of Tripura)ই আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে প্ৰাক মিত্ৰতা কৰা বুলি বুধবাৰে সন্ধিয়া আনুষ্ঠানিক ভাবে ঘোষণা কৰিলে IPFTৰ সভাপতি এন চি দেৱবৰ্মাই।

‘আজি আমি বহু সময় ধৰি আলোচনা আৰু চিন্তা চৰ্চা কৰাৰ অন্তত ত্ৰিপুৰাৰ চিপিআই(এম)চৰকাৰক গাদীৰ পৰা ওফৰোৱাৰ স্বাৰ্থত বিজেপিৰ লগত প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰিবলৈ উমৈহতীয়া সিদ্ধান্তত উপনীত হৈছো’। দলৰ অন্য নেতাৰ উপস্থিতিত সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে জানিবলৈ দিয়ে।

লক্ষণীয় যে মিত্ৰতা সন্দৰ্ভত সভাপতিগৰাকীয়ে এতিয়ালৈ চুক্তি আৰু আসনৰ বুজা বুজিৰ বিষয়ে একো উত্তৰ দিয়া নাই যদিও দলটোৱে পৃথক তিপ্ৰালেণ্ডৰ দাবীত ভৱিষ্যতত অটল থাকিব বুলিও জনায়।

পৃথক তিপ্ৰালেণ্ড সন্দৰ্ভত সভাপতি দেৱবৰ্মাই কয়, ‘সকলো ৰাজনৈতিক দলৰে নিজা নিজা মতাদৰ্শ থাকে কিন্তু আমি এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীৰ লগত আলোচনা কৰিছো আৰু কেন্দ্ৰই পৰ্য্যালোচনাৰ বাবে এখন মডুলেইশ্যন কমিটি গঠন কৰি দিছে। আৰু এই সমিতিখনে খিলঞ্জীয়া লোকসকলৰ আৰ্থ সামাজিক দিশত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে সেয়া নীৰিক্ষণ কৰিবলৈ  কেন্দ্ৰই এই সমিটিখন গঠন কৰি দিছে’। ‘এয়া আমাৰ বাবে এক বৃহৎ সফলতা’ বুলিও সভাপতিগৰাকীয়ে মন্তব্য কৰে।

ইয়াৰ উপৰি তেওঁ কয় যে মিত্ৰতা সন্দৰ্ভত আমি বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগত বহুবাৰ আলোচনাত মিলিত হৈছো। উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোটৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ লগতো এই ক্ষেত্ৰত আলোচনা কৰিছো। এতিয়া সকলো নিৰ্ভৰ কৰিব ৰাজ্যখনৰ আটাইতকৈ শক্তিশালী বিৰোধী দল বিজেপিৰ ওপৰত।

ত্ৰিপুৰাৰ চি পি আই (এম) নেতৃত্বাধীন বাওঁ ফ্ৰণ্টক পৰাজিত কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰিব খোজা বুলি অভিহিত কৰে ত্ৰিপুৰা খিলঞ্জীয়া মঞ্চৰ নেতৃবৃন্দই।