ত্ৰিপুৰা বিজেপিয়ে আয়োজন কৰা বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

Union Minister Smriti Iranai

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে আজি ত্ৰিপুৰাৰ উনাকুটিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

কইলাচহৰ ইণ্ডিৰা গান্ধী বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উপস্থিত হোৱাৰ লগে লগে সমৰ্থক সকলে উষ্ম আদৰণি জনায় আৰু ইয়াৰ পিছতে পোনে পোনে ৰাংৰুং চাহবাগিচাত আয়োজিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হয়।

জনসভাখন সম্বোধন কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাজ্যখনত চি পি এম শাসিত দলৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। মানিক সৰকাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ আইন-শৃংখলা সম্পূৰ্ণৰূপে বিধস্ত কৰি পেলোৱা বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে স্মৃতি ইৰাণীয়ে।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে ৰাজ্যখনত বৰ্ধিত হত্যাকাণ্ডসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত মানিক সৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। তেওঁ কেবল ৰাজ্যৰ বাহিৰত বঁটা গ্ৰহণ কৰাতহে ব্যস্ত থাকে।

সকলো ৰাইজ একগোট হৈ চিপিআই(এম)ৰ বিফলতাৰ বিৰুদ্ধে থিয় হ’ব লাগে আৰু ‘চলো পলটাই’ শ্লোগানেৰে ৰাজ্যখনত বিজেপি চৰকাৰ আনিব লাগে বুলি স্মৃতি ইৰাণীয়ে মন্তব্য কৰে।

স্মৃতি ইৰাণীয়ে সম্বোধন কৰা বিশাল নিৰ্বাচনী সভাত ত্ৰিপুৰাৰ ৰাজ্যিক পৰ্যবেক্ষক সুনীল দেওধৰো উপস্থিত থাকে। অসংখ্য বিজেপি সমৰ্থকে অংশগ্ৰহণ কৰা জনসভাখনত আগন্তুক নিৰ্বাচনত ৰাজ্যখনৰ পৰা চিপিআই(এম)ক শাসনৰ গাদীৰ পৰা আতৰাই পেলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে সমৰ্থকসকলে।

উল্লেখযোগ্য যে বিগত দুটা দশকৰো অধিক সময় শাসন কৰা চিপিআই(এম)ক ত্ৰিপুৰা ৰাজ্যৰ পৰা ওফৰায় পেলোৱাৰ বাবে যোৱা তিনিবছৰৰ পৰা বিজেপিয়ে ৰাজ্যখনত খোপনি পোতা পৰিলক্ষিত হৈছে।

এইখিনিতে মনকৰিবলগীয়া কথা যে যোৱা শণিবাৰে দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙেও নিৰ্বাচনী প্ৰচাৰৰ বাবে ত্ৰিপুৰালৈ আহিছিল। গৃহ মন্ত্ৰীজনে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এটা ৰোড শ্ব’ত অংশ লৈছিল।