NORTHEAST NOW (Assamese)

থানাতে কিশোৰী ‘ধৰ্ষণ’ : গ্ৰেপ্তাৰ হাজো ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া

May 2, 2018 10:04 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

আৰক্ষী চকীতে কিশোৰী ধৰ্ষণত অভিযুক্ত হাজোৰ ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসক আজি ২ মে’ত কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী বিষয়া বিনোদ দাসৰ বিৰুদ্ধে এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ কালি উত্থাপিত হৈছিল। ঘটনাটোৰ তদন্তৰ বাবে কালি হাজোত দুগৰাকী মহিলা উপ–আৰক্ষী অধীক্ষক উপস্থিত হৈছিল।

স্বাস্থ্য পৰীক্ষাৰ বাবে কিশোৰীগৰাকীক কালি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

জানিব পৰা মতে হাজোৰ ৰামদিয়া চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসে আৰক্ষী চকীৰ এটা ঘৰত এগৰাকী কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে।

দেশৰ লগতে অসমতো শেহতীয়াকৈ মহামাৰীৰ ৰূপ লোৱা নাৰী নিৰ্য্যাতনৰ ঘটনাৰ মাজতে স্বয়ং আৰক্ষী বিষয়াৰ বিৰুদ্ধে থানাতে কিশোৰী ধৰ্ষণৰ অভিযোগে ৰাইজক চিন্তিত কৰি তুলিছে।

Related News