থোৰতে অসম ই-বজেট ২০১৮

অসম বিধানসভাত আজি পোন প্ৰথমবাৰৰ ই-বাজেট দাখিল কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত বিত্তমন্ত্ৰী শৰ্মাই কয়: সুশাসন, অৰ্থনৈতিক উন্নয়ন, মানৱ সম্পদ উন্নয়ন সূচাংক আদি ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিবলৈ আৰু বেছি দিন বুলি মই ভাবো তথা বিশ্বাস কৰো ।
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বাজেটৰ কেইটামান বিশেষ ঘোষণা এনেধৰণৰ-
# ১০০ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত।
# সকলো বিধানসভা সমষ্টিৰ বাবে ১০ কোটি টকাৰ আঁচনি।
# বঙাইগাঁৱৰ বাটাবাৰীত দীনদয়াল মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
# ভাৰত-বাংলা সীমান্তৰ আঠ স্থানত ৱাঘা সীমান্তৰ দৰে বাদ্য বাদনৰ ব্যৱস্থা।
# ছেনিটেৰী নেপকিনৰ বাবে বিশেষ মাহিলি ভাট্টা।
# ঠিকাভিত্তিক শিক্ষকৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি।
# সকলো আদৰ্শ গাঁৱলৈ পাঁচ কোটি টকাৰ অনুদান।
# অহা পাঁচ বছৰৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুনলৈ বৃদ্ধিৰ লক্ষ্য।
# বটদ্ৰৱা সমষ্টিত ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত।
# পথ আৰু নলা নিৰ্মানৰ প্ৰস্তাৱ।
# নাহৰকটীয়াত স্থাপন কৰা হ’ব আইআইটি।
# মাৰ্ঘেৰিটাত স্নাতক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
# ক্ষুদ্ৰ উদ্যোগীলৈ ঋণ দিয়াৰ ব্যৱস্থা।
# টিংখঙত পাঁচমহলীয়া বজাৰ নিৰ্মাণ।
# কৃষি উৎপাদন দুগুণ কৰাৰ সিদ্ধান্ত।
# সৰ্থেবাৰীৰ কাঁহ-পিতল উদ্যোগলৈ ১৭.৫ কোটি টকাৰ অনুদান।
# চলিত বৰ্ষত ৫০০০ মেধাৱী ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।
# বিটিএডিৰ হিংসাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ এককালীন সাহায্য।
# প্ৰয়াত অভিনেতা বিজু ফুকন স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত।
# স্নাতকোত্তৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া পাঠ্যপুথি যোগান।
# প্রথমবাৰৰ বাবে চৰকাৰী বিদ্যালয়ৰ ব্যক্তিগতকৰণ। পিপিপি আঁচনিৰ অধীনত ১০০ খন বিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
# পিপিপি আঁচনিৰ অধীনত চাহ বাগিচাত বিদ্যালয় স্থাপনৰ।
# বিদ্যালয় প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। ৫০ খন বিদ্যালয়ত স্থাপন হ’ব বিজ্ঞান শাখা।
# দীপৰ বিলৰ উন্নয়ন।
# অসম ৰাজ্যিক চিৰিয়াখানালৈ ৫ কোটিৰ অনুদান।