দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশক লৈ বাক্সা জিলাৰ নাগ্ৰীজুলিত চাঞ্চল্য

Missingchild22-570x320

২৫ এপ্ৰিলৰ ৰাতিপুৱাৰ পৰা নিৰুদ্দেশ হৈ থকা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ এজন ছাত্ৰৰ এই পৰ্যন্ত সন্ধান উলিয়াব নোৱাৰাত অঞ্চলযুৰি ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে।

নিৰুদ্দিষ্ট ছাত্ৰজন খাতৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়ণৰত নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত গণেশপুৰ গাঁৱৰ অনন্ত গৌতমৰ পুত্ৰ ভক্তিবিলাশ গৌতম বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, যোৱা ২৫ এপ্ৰিল বুধবাৰে ৰাতিপুৱা ভক্তিবিলাশে ঘৰৰ পৰা টিউশ্যনলৈ বুলি ওলাই গৈছিল। আৰু তেতিয়াৰ পৰাই আজিলৈ নিৰুদ্দিষ্ট হৈ আছে ছাত্ৰজন।

ছাত্ৰজন ঘৰলৈ উভটি নহা দেখি পৰিয়ালৰ লোকে গোটেই অঞ্চলতে অনুসন্ধান চলায় যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয়। ঘটনা সংঘটিত হোৱাৰ দুদিনৰ পিছতো ঘৰলৈ উভটি নহা দেখি আজি নিৰুদ্দিষ্ট ছাত্ৰজনৰ পিতৃ অনন্ত গৌতমে নাগ্ৰীজুলি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি নিৰুদ্দেশ হোৱা দিনাখন ভক্তিবিলাশে ঘৰৰ পৰা নীলা ৰঙৰ ছোলা আৰু দীঘল পেণ্ট পৰিধান কৰিয়ে টিউশ্যনলৈ বুলি ওলাই গৈছিল।

ইফালে দশম শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰজনৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।