বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কচুকাটাত ৪ এপ্ৰিলত উদ্ধাৰ হোৱা এটি প্ৰায় ১০ বছৰীয়া কিশোৰক আজি স্থানীয় ৰাইজ আৰু সাংবাদিকৰ তৎপৰতাত পৰিয়ালৰ লোকে ওভতাই চমজাই দিয়া হয়।
উল্লেখযোগ্য যে ৪ এপ্ৰিলত দিনৰ ভাগত বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কচুকাটা গাঁৱৰ ৰাজপথত প্ৰায় ৯-১০ বছৰীয়া এটি কিশোৰক কান্দি থকা প্ৰত্যক্ষ কৰি স্থানীয় একাংশ লোকে কিশোৰজনক মাতি নি সোধা-পোছা কৰাত তেওঁ ভূটানৰ এখন দোকানৰ পৰা পলাই অহা বুলি জানিবলৈ দিয়ে। এখন চাহ দোকানত কৰ্মৰত কিশোৰজন দোকানখনৰ মালিকৰ দ্বাৰা নিৰ্যাতিত হৈ অৱশেষত অতিষ্ঠ হৈ ভূটানৰ পৰা পুৱা প্ৰায় ৬ বজাত খোজকাঢ়ি পলাই অহা বুলি প্ৰকাশ কৰে।
আনহাতে স্থানীয় জগন্নাথ শৰ্মা নামৰ এজন সচেতন লোকে কিশোৰ জনক নিজৰ ঘৰলৈ নি ভাত-পানী খুৱাই কিশোৰটিক আশ্ৰয় দিয়ে। লগতে কিশোৰটিক সোধা-পোছা কৰাত কিশোৰটিয়ে নিজকে মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নাহৰবাৰী (নাহৰজাৰ) গাঁৱৰ লৱ তুৰীৰ পুত্ৰ প্ৰেম তুৰী বুলি পৰিচয় দিয়ে।
ফলত জগন্নাথ শৰ্মাই স্থানীয় সাংবাদিক দীপক কুমাৰ পাঠকৰ সৈতে যোগাযোগ কৰে। আনহাতে সাংবাদিক গৰাকীয়ে চাইল্ড লাইনৰ হেল্প লাইন নম্বৰত যোগাযোগ কৰাত বাক্সা জিলাত তেওঁলোকে কাম নকৰে বুলি প্ৰকাশ কৰে।
পৰৱৰ্তী সময়ত জগন্নাথ শৰ্মাই কিশোৰজনক বুধবাৰে সন্ধিয়াৰ ভাগত তামুলপুৰ থানাত চমজাই দিয়ে। লগতে সাংবাদিক গৰাকীয়ে নাগ্ৰীজুলি নিবাসী প্ৰাক্তন আটছা নেতা লক্ষীধৰ তাঁতী আৰু মাজবাট আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ডি. গয়াৰীৰৰ সৈতে যোগাযোগ কৰে।
যোগাযোগৰ অন্তত লক্ষীধৰ তাঁতী আৰু মাজবাট আৰক্ষীৰ সহযোগত মাজবাটৰ আটছা কৰ্মীয়ে কিশোৰ জনৰ পৰিয়ালটোক বিচাৰি উলিয়াবলৈ সক্ষম হয়।
আনহাতে আটছা কৰ্মী সকলে কিশোৰ জনৰ পিতৃ লৱ তুৰীক লগত লৈ আজি দুপৰীয়া তামুলপুৰ আৰক্ষী থানাত উপস্থিত হয় আৰু তামুলপুৰ আৰক্ষীয়ে আইনী প্ৰক্ৰিয়াৰে কিশোৰজনক ৫ এপ্ৰিলত পৰিয়ালৰ লোকক চমজাই দিয়ে।