দাবী পূৰণত ব্যৰ্থ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ : ১৯ মে’ত ২৪ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা

diphu-570x320

প্ৰতিনিধিত্বমূলক ছবি

কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতিসকলৰ নাম কৰ্তনৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক জনোৱা দাবীৰ ১৫ দিনৰ সময়সীমা উকলি যোৱাত জিলাখনৰ ২৪টাতকৈ অধিক সংগঠনে অহা ১৯ মে’ৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা কৰিছে।

কালি ডিফুত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰি সংযুক্ত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ৰতন তেৰাঙে জনাই যে বন্ধৰ পৰা পৰীক্ষা, পানী যোগান, চিকিৎসা আদি অত্যাৱশ্যকীয় সেৱাসমূহক ৰেহাই দিয়া হ’ব।

ইয়াৰ পিছতো যদি স্বায়ত্তশাসিত পৰিষদে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি তেওঁ পৰিষদক সকীয়াই দিয়ে।

টেৰাঙে কয় যে সংবিধানৰ ষষ্ঠ অনুসূচীৰ দফা-২ আৰু উপ-দফা ৭ অনুসৰি স্বায়ত্তশাসিত পৰিষদে নিজাববীয়াকৈ নিৰ্বাচনী আইন আৰু ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষমতা থকাৰ লগতে পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতিসকলৰ নাম কৰ্তন কৰিব পাৰে।

কিন্তু ইয়াৰ সত্ত্বেও তেওঁলোকক বাৰম্বাৰ দাবী জনাই অহা পিছতো পৰিষদে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংগঠনসমূহে পৰিষদখনক ইয়াৰ বাবে পোন্ধৰ দিনৰ সময়সীমা বান্ধি দিছিল, ইতিমধ্যে এই সময়সীমাও উকলি যোৱাত তেওঁলোকে উক্ত বন্ধ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে বুলি উল্লেখ কৰে।

আনহাতে সংবাদমেলত উপস্থিত থাকি সংগঠনসমূহৰ উপদেষ্টা জন ইংতিয়ে কয় যে  স্বায়ত্তশাসিত পৰিষদখনে এই সন্দৰ্ভত কোনোধৰণৰ সদিচ্ছা প্ৰকাশ নকৰা বাবে সংগঠনসমূহে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ তৰিবলৈ বাধ্য হৈছে।