দিল্লীৰ টীম আন্নাৰ সত্যাগ্ৰহলৈ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ শতাধিক লোকৰ যাত্ৰা

আন্না

জনলোকপাল বলবৎকৰণ ,কৃষকৰ সমস্যাৰ স্থায়ী সমাধান, নিকা নিৰ্বাচন আদিৰ দাবীত ২৩ মাৰ্চৰ পৰা দিল্লীৰ ৰামলীলা ময়দানত আন্না হাজাৰেৰ নেতৃত্বত টীম আন্নাই আৰম্ভ কৰিবলগীয়া সত্যাগ্ৰহ আন্দোলনৰ বাবে অসম তথা উত্তৰপূৰ্বাঞ্চলৰ পৰা টীম আন্নাৰ ৰাষ্ট্ৰীয় সদস্য তথা সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত শতাধিক লোকে বুধবাৰে যাত্ৰা কৰিছে। দলটোৱে আজি নিশা দিল্লীত গৈ উপস্থিত হ’ব।

আজি পুৱা ১০-৩০ বজাত এলাহাবাদত উপস্থিত হৈ টীম আন্নাৰ ৰাষ্ট্ৰীয় সদস্য,মানব অধিকাৰ তথা সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়াই কয় যে যেতিয়া লৈকে কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধান মন্ত্রী মোদীয়ে জনলোকপাল সঠিক ৰূপত বলবৎ  কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন শান্তিপূৰ্ণভাৱে চলি থাকিব |

তেওঁ ২০১৪ চনৰ ১জানুৱাৰিত গৃহীত হোৱা জনলোকপাল বিধেয়ক খনৰ ধাৰা ৬৫ আৰু ধাৰা ৪৪ সংশোধন কৰি অচিৰেই জনলোকপাল বলবৎকৰণ কৰা উচিত বুলি কয়।

শইকীয়াই লগতে কয় যে আমাৰ দেশৰ ৬৫ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়ে আমি টীম আন্নাই  কৃষকৰ ঋণ আৰু বিদ্যুতৰ বিল ৰেহাই দিব লাগে বুলি দাবী কৰিছো।

‘’কৃষকে উৎপাদিত সামগ্ৰীত সঠিক মুল্য লাভ কৰিব লাগে আৰু ৬০ ৰ উৰ্দ্ধৰ প্ৰকৃত কৃষকক অতি কমেও ৫০০০ টকা পেন্সন চৰকাৰে দিব লাগে। আনহাতে সকলো ধৰণৰ নিৰ্বাচনত দল সমুহৰ চিহ্ন নাকচ কৰি বেলট পেপাৰত প্ৰাৰ্থীসমুহৰ ৰঙীণ ফটো লগোৱাটো উচিত,’’-তেওঁ কয়।

এই সত্যাগ্ৰহত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলোকে অংশ গ্ৰহণ কৰিবলৈ টীম আন্নাৰ ৰাষ্টীয় সদস্য তথা মানৱ অধিকাৰ তথা সমাজ কৰ্মী দিব্যজ্যোতি শইকীয়াই আহ্বান জনাইছে।