দিৰাঙত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত দুজন, গুৰুতৰভাৱে আহত এটি শিশু

দুৰ্ঘটনা

আজি পুৱা অৰুণাচল প্ৰদেশৰ দিৰাঙত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত দুজন ব্যক্তিৰ থিতাতে মৃত্যু হোৱাৰ লগতে এটি শিশু গুৰুতৰভাৱে আহত হয়।

আজি পুৱা দুৰ্ঘটনাত পতিত এ এছ ০১ এম ৩৮৩৮ নম্বৰ গাড়ীখনৰ পঞ্জীয়ন নম্বৰ অসমৰ হোৱালৈ চাই আৰক্ষীয়ে নিহত পৰিয়ালটো অসমৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত সদস্য কেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুটিক উদ্ধাৰ কৰে। লগে লগে গুৰুতৰভাৱে আহত শিশুটিক দৰং সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।

স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন তীব্ৰ বেগত অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা উদ্ধাৰ কৰা তথ্য মতে গাড়ীখন কুমাৰ প্ৰধানৰ আছিল বুলি অৱগত হয় যদিও দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ গাড়ীখনত আছিল নে নাই সেই সম্পৰ্কত এতিয়াও জানিব পৰা নাই।