দীপৰ বিলৰ পৰিসৰ ৯০ দশকৰ তুলনাত ২০ শতাংশ কমি গৈছে : ড০ বিভৱ তালুকদাৰ

দীপৰ বিল

অসমৰ বিখ্যাত আৰ্দ্ৰভূমি দীপৰ বিল সন্দৰ্ভত অৰণ্যক নামৰ সংস্থাটোৰ মুখ্য সঞ্চালক তথা সংস্থাটোৰ প্ৰতিষ্ঠাপক ড০ বিভৱ তালুকদাৰৰ সৈতে আজি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁদীপৰ বিলৰ সন্দৰ্ভত বহু কথা সদৰী কৰে। তদুপৰি কাইলৈৰ পৰা দীপৰ বিলৰ পাৰত অনুষ্ঠিত হ’বলগীয়া দীপৰ বিল মহোৎসৱৰ সন্দৰ্ভ তেওঁৰ সৈতে বহুতো কথা আলোচনা কৰা হৈছিল।

১৯৮৯ চনৰ পৰাই অৰণ্যকৰ জৰিয়তে বন্যপ্ৰাণী তথা চৰাই-চিৰিকটিৰ সুৰক্ষাৰ বাবে কাম কৰি অহা বিভৱ তালুকদাৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে হাঁহ জাতীয় চৰাই আৰু ৰাজ্যিক পক্ষী দেওহাঁহৰ গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।

উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল দীপৰ বিলৰ সংৰক্ষণ বিষয়ত অৰণ্যক নামৰ সংস্থাৰ মুখ্য সঞ্চালক ড০ বিভব তালুকদাৰৰ সৈতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সাক্ষাৎকাৰৰ কিয়দাংশ :

=>এই মহোৎসৱত উচ্চ স্বৰত গান বজাই থকাতকৈ যিটো শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি নকৰে তথা চৰাই-চিৰিকটিৰ মাজত অশান্তিৰ সৃষ্টি নহয়, তেনেকুৱা শব্দত গীতসমূহ বজাব লাগে। মুঠৰ ওপৰত প্ৰকৃতিৰ চৰাই-চিৰিকটিৰ সৈতে জড়িত থকা গীতসমূহ বজালে ভাল হয়। তেতিয়াহে আয়োজক কমিটিৰ লোকসকল যে প্ৰকৃততে দীপৰ বিলৰ প্ৰতি চিন্তনীয়, সেই কথা প্ৰতিফলিত হ’ব।