দীপৰ বিলৰ সুৰক্ষাৰ বাবে আঁচনি গ্ৰহণ কৰিছে চৰকাৰে

Deepor-beel-570x320

দীপৰ বিল

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী স্মাৰ্ট চিটি অভিযানৰ অধীনত দীপৰ বিলৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে ২৫০ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে।

এই আঁচনিত থাকিব ছিউৱেজ ট্ৰিটমেন্ট প্লেন্ট (এছটিপি) স্থাপনৰ জৰিয়তে দীপৰ বিলৰ পানীৰ গুণাগুণ উন্নত কৰা, সঠিক জলাশয় নিৰ্দ্ধাৰণৰ জৰিয়তে বিলটোৰ অঞ্চলত প্ৰাকৃতিক জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, বিলটোৰ বানৰ মোকাৱিলা কৰিব পৰা ব্যৱস্থাপনাৰ লগতে ৰামচৰ দিশত পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা আদি। দ্য আছাম ট্ৰিৱিউনৰ এক বাতৰি পৰিৱেশন কৰিছে।

‘’স্মাৰ্ট চিটিৰ প্ৰস্তাৱ অনুসৰি নগৰ উন্নয়ন মন্ত্ৰালয়ক দাখিল কৰা নথিপত্ৰৰ পিছত দীপৰ বিল আঁচনিৰ বাবে ২৫০ কোটি টকা অনুমোদন জনাইছে। প্ৰথম পদক্ষেপ হিচাপে জলাশয় সম্পৰ্কে সজাগতা সৃষ্টিৰ দিশত প্ৰথম পৰ্যায়ৰ উন্নয়নৰ অংশ হিচাপে কিছুমান কামৰ প্ৰস্তাৱ দিয়া হৈছে,’’-ড০ অংগমুথুৰ উদ্ধৃতিৰে কাকতখনে প্ৰকাশ কৰিছে।

বৰ্তমানৰ ৱাট্চ টাৱাৰ অঞ্চলৰ উন্নতকৰণ, পথৰ প্ৰয়োজনীয় উন্নতকৰণ আৰু পামহি পথত আলোক চাকি তথা নাও চালনাৰ বাবে এটা নতুন ঘাট গঢ়ি তোলাৰ পৰিকল্পনাও লোৱা হৈছে।

‘’উদ্দেশ্যটো হৈছে জলাশয়টোৰ সুৰক্ষাৰ লগতে মূল্যৱান জৈৱ বৈচিত্ৰসমূহৰ সুৰক্ষাৰ বাবে বিকাশৰ সীমা নিৰ্দ্ধাৰণ কৰি আমাৰ জলাশয়ৰ বাসিন্দাসকলৰ জল সুৰক্ষা সৃষ্টি কৰা। আমি আঁচনিখন নগৰ উন্নয়ন আৰু প্ৰকৃতিৰ সংৰক্ষণ দুয়োটা প্ৰয়োজনীয় দিশ মনত ৰাখি গ্ৰহণ কৰিছো,’’-উপায়ুক্তগৰাকীয়ে কয়।

এটা নান্দনিক দৃশ্য লক্ষ্যৰ স্থান, শিশুৰ খেলাৰ এলেকা, চিত্ৰিত দেৱাল, বিজ্ঞান মণ্ডল, ৱাটাৰ কুলাৰ, বহাৰ বাবে স্থান, পাৰ্কিং স্থান, দোকান আৰু অস্থায়ী খাদ্যৰ বিপণীৰ লগতে অন্যান্য ব্যৱস্থা থাকিব।

তদুপৰি, আঁচনিত এবাৰ পানীৰ বৰ্জিত পেলনীয়া সমূহ মানুহৰ দ্বাৰা বা যন্ত্ৰৰ দ্বাৰা নিস্কাষণ কৰি নিস্কাষিত পেলনীয়াসমূহ জৈৱিক সাৰ বা পচন সাৰলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থাও ৰখা হৈছে।

আঁচনিখনত বিলটোৰ পৰিস্কৰণৰ বাবে নিয়মিত বীজানুমুক্ত ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱো ৰখা হৈছে।