• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুদিনীয়া জনপ্ৰিয়তা আকাশত পেৰাচুত বান্ধি উৰি ফুৰা আনন্দখিনিৰ লেখীয়া :- সংগীত পৰিচালক স্বৰূপ কাকতী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 1, 2018 7:42 am
934
VIEWS
Share on FacebookShare on Twitter

পাহৰণিৰ গৰ্ভত সোমাই পৰা  শব্দবোৰক গীতৰ মাজেৰে জনসাধাৰণৰ মাজলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰা নৱপ্ৰজন্মৰ এগৰাকী সংগীত পৰিচালক স্বৰূপ কাকতীয়ে বৰ্তমানলৈকে শতাধিক গীতৰ কথা আৰু সুৰ প্ৰদান কৰিছে। মাইহাং, আপাদেউ, নিচাদেউ, চকলং ইত্যাদি শব্দবোৰ গীতত প্ৰয়োগৰ জৰিয়ত জনসাধাৰণক এই সংগীত পৰিচালক জনে অৱগত কৰাৰ চেষ্টা কৰি আহিছে।  নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত নৰ্থ ইষ্ট নাও ৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ বহুতো অভিজ্ঞতাৰ লগতে অসমীয়া সংগীত জগতৰ বিভিন্ন দিশৰ কথা অৱগত কৰে। তলত এই সাক্ষাৎকাৰৰ কিয়দাংশ আপোনালোকৰ বাবে আগবঢ়াইছো।

  • বৰ্তমান সময়ত অসমৰ সংগীত জগত খনৰ বিষয়ে আপুনি কি ক’ব বিচাৰে?

=> বৰ্তমান সময়ত অসমৰ সংগীত জগতখনৰ কিছু কিছু ক্ষেত্ৰত অৱস্থা অতি দুখলগা। শিল্পীসকলে কৰা কষ্টৰ বিনিময়ত তাৰ উচিত মূল্যটো ঘূৰাই নাপায়। যেতিয়াৰ পৰা ইন্টাৰনেটৰ সুবিধাটো বেছিকৈ উপলব্দ হ’ল তেতিয়াই অসমৰ মানুহে চি ডি কেছেট আৰু শ্ৰব্য কেছেট ক্ৰয় কৰাটো বাদ দিলে আৰু সেয়েহে ইয়াৰ বজাৰখনো ক্ৰমান্বয়ে নাইকিয়া হৈ আহিল। যাৰ ফলস্বৰূপে সংগীতৰ ক্ষেত্ৰখনৰ পৰা বহু শিল্পী আধাতে আঁতৰি যাবলৈ বাধ্য হৈছে।

  • ইন্টাৰনেট যোগে গীতসমূহ উপলব্ধ হোৱা পদ্ধতিয়ে সংগীতৰ লগত জড়িত থকা লোকৰ জীৱনলৈ শংকা নমাই আনিছে বুলি ভাবে নেকি?

=> নাই, কেতিয়াও নাভাবো। যেতিয়াৰ পৰা ইন্টাৰনেটৰ সুবিধাটো উপলব্ধ হৈছে তেতিয়াৰ পৰা শ্ৰোতাসকলে গীত এটি লাভ কৰাটো সহজলভ্য হৈ পৰিছে। ইন্টাৰনেটৰ সুবিধাটো নথকাৰ সময়ত অসমৰ চুকে-কোণে বসবাস কৰা লোকসকলে গীত এটা শুনিব পৰা নাছিল। কিন্তু বৰ্তমান সময়ত যিকোনো ঠাইৰ পৰা যিকোনো সময়তে এটা গীত ডাউনলোড কৰিব পাৰে।

অসমত গীত সমূহ সহজতে উপলব্ধ হোৱাকৈ এটা মোবাইল এপছ অথবা সুকীয়া ৱেবচাইট এটাৰ প্ৰয়োজন, য’ত এটি গীত আপলোড কৰিলে আমি শিল্পীসকলে এটা বিনিময় লাভ কৰিব পাৰো তথা কষ্টৰ মূল্যখিনি ঘূৰাই পাওঁ। মুম্বাইত বৰ্তমান এই ব্যৱস্থাটো চলি আছে যাৰ জৰিয়তে তেওঁলোকে কোটি কোটি টকা উপাৰ্জন কৰি আছে।

  • ব্যক্তিগত ৱেবচাইট আৰু মোবাইল এপচক লৈ চৰকাৰক আহ্বান কৰিব খোজে নেকি?

=> কেৱল শিল্পীসকলে এই ক্ষেত্ৰত অকলে একো পদক্ষেপ ল’ব নোৱাৰে। মই চৰকাৰক এটাই আহ্বান জনাওঁ যে শিল্পী সকলৰ কথা ভাৱক। শিল্পীসকলক ভাতমুঠি খাব পৰা ব্যৱস্থাটো কৰি দিয়ক। শিল্পীসকল নাথাকিলে সংগীতেই নোহোৱা হৈ যাব আৰু সংগীত অবিহনে মানুহৰ জীৱনটো আমনিদায়ক হৈ যাব। শিল্পীসকলে নিজৰ সৃষ্টি এৰি দিলে অসমৰ বৃহৎ সাংস্কৃতিক ভঁড়ালটো উদং হৈ যাব। অল আছাম মিউজিক এচ’চিয়েচনে চৰকাৰক দীৰ্ঘদিন ধৰি কিছু সাহায্য প্ৰদান কৰিবৰ বাবে দাবী উত্থাপন কৰি আহিছে, যি ধনেৰে শিল্পী সকলে অসুস্থ অৱস্থাত সহায় কৰিব পাৰে। চৰকাৰে আশ্বাস প্ৰদান কৰি আছে যদিও বৰ্তমানলৈকে একো হৈ উঠা নাই। আশা কৰো নৱবৰ্ষত আমাৰ এই দাবীৰ চৰকাৰে সঁহাৰি জনাব।

  • সংগীত অথবা অভিনয়ৰ লগত জড়িত কোনো লোকক শিল্পী বুলি ক’ব পাৰিনে?

=> শিল্পী হোৱাটো ইমান সহজ নহয়। এজন শিল্পী হ’বলৈ বহুখিনি সাধনা ত্যাগ আৰু জ্ঞানৰ অধিকাৰী হোৱাটো বাঞ্চনীয়। দুটামান গীত গাই বা দুটামান চৰিত্ৰত অভিনয় কৰিলেই কোনো শিল্পী হৈ নুঠে। এজন মানুহ শিল্পী হ’বলৈ যাওঁতে তেওঁৰ স্বভাৱ চৰিত্ৰৰ লগতে আচাৰ-ব্যৱহাৰৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰে। আমিও চেষ্টা কৰিহে আছো, শিল্পীৰ আসন পাবলৈ বহুখিনি বাকী আছে। প্ৰত্যেকজন মানুহৰ অন্তৰত স্থান দখল কৰিব পাৰিলেহে প্ৰকৃততে শিল্পী হ’ব পাৰিম।

  • আপুনি কিমান দিন ধৰি এই সংগীত ক্ষেত্ৰ খনৰ সৈতে জৰিত হৈ আছে?

=> সংগীত ক্ষেত্ৰখনৰ সৈতে মই ১৭ বছৰ ধৰি জৰিত হৈ আছো। আগতে দুই এটা গীত গাইছিলো যদিও ২০০০ চনৰ পৰা মই সংগীতৰ ক্ষেত্ৰখনত ওতঃ পোতঃ ভাবে জড়িত হওঁ। প্ৰথম অৱস্থাত জয়ন্ত হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভাৰ গীত গাইছিলো। ১৯৯৭ চনৰ পৰা গীত গোৱা আৰম্ভ কৰিছিলো যদিও ২০০০ চনৰ পৰা সংগীতক মই পেছা হিচাপে সংগীতক গ্ৰহণ কৰিছিলো। ২০০৩ চনৰ পৰা মঞ্চত গীত পৰিবেশন কৰাটো আৰম্ভ কৰিছিলো।

  • নৱবৰ্ষৰ প্ৰথম দিনটোত আপুনি শিশু তথা নৱপ্ৰজন্মক কেনেকুৱা গীত শুনিবলৈ বা গাবলৈ আহ্বান কৰিব?

=> বৰ্তমান সময়ত পশ্চিমীয়া দিশত বেছিকৈ ঢাল খোৱাটো পৰিলক্ষিত হৈছে। সেইটা হৈছে ক্ষন্তেকীয়া। যিবোৰ গীতত গীতি সাহিত্য নাথাকে অথবা অসমীয়া মাটিৰ গোন্ধ নাথাকে সেইবোৰ গীত চিৰস্থায়ী নহয়। পশ্চিমীয়া গীত শুনিছে যদি শুনিব পাৰে, আমি যুগৰ লগত খোজ মিলাই যাবই লাগিব, কিন্তু যুগৰ লগত খোজ মিলাব গৈ ঘৰচিৰীকাৰ দৰে আমি নিজৰ খোজটো পাহৰি পেলাব নালাগে।

  • নৱপ্ৰজন্মৰ কিছু সংখ্যকে অশ্লীল শব্দ প্ৰয়োগৰ দ্বাৰা হওঁক অথবা দুটা অৰ্থৰ গীত পৰিবেশনৰে কিছু বিতৰ্কৰ সুত্ৰপাত হৈছিল। আপুনি নৱবৰ্ষৰ প্ৰথমটো দিনত তেওঁলোকলৈ আপোনাৰ কি আহ্বান হ’ব?
  • => তেওঁলোক নিজ ইচ্ছাৰে এই দিশত কাম কৰিবৰ বাবে ওলাই আহিছে। তেওঁলোকে নিজেও ভবা উচিত যে কি গীত ৰচনা কৰিলে ৰাইজে আদৰি ল’ব। মই নিজে কনকলতা গীতটোৰ এটা শব্দৰ বাবে ৩ মাহ পৰ্যন্ত অপেক্ষা কৰিছো। কিছুমান গায়ক আছে যিসকলে একে ৰাতিতে সস্তীয়া জনপ্ৰিয়তাৰ বাবে বিতৰ্কিত গীত ৰচনা কৰে।

ভুকুতে কলটো নপকে। সাধনা অবিহনে সফলতাৰ শিখৰৰ স্থায়ী বাসিন্দা হ’ব নোৱাৰে। দুদিনীয়া জনপ্ৰিয়তা আকাশত পেৰাচুত বান্ধি উৰি ফুৰা আনন্দখিনিৰ লেখীয়া। কিয়নো পেৰাচুত যিমান সময়েই আকাশত নুৰক, শেষত শেষত কিন্তু সি তললৈহে আহে, ওপৰলৈ নাযায়। যিডাল গছৰ মাটিৰ লগত সম্পৰ্ক আছে সি আকাশমুখী হয়, কাৰণ তাৰ শিপা থাকে।

‘নাহৰ কলি’ এলবামেৰে সংগীতৰ ক্ষেত্ৰখনত জনপ্ৰিয়তা লাভ কৰা স্বৰূপ কাকতীয়ে নাচো নাচো লাগে, মাইহাং, বেবীমাইনা, হাঁচতি, জাঁজী নৈ, ৰংদৈ ইত্যাদি বহুতো এলবামত কথা, সুৰ প্ৰদান কৰাৰ লগতে কিছু সংখ্যক গীতত পৰিচালনাও কৰিছে।জানিব পৰা মতে বিভিন্ন বুৰঞ্জীমূলক তথা বিভিন্ন সম্প্ৰদায়ৰ শব্দবোৰ একত্ৰিত কৰি গীত ৰচনা কৰা প্ৰথমজন সুৰকাৰ হ’ল স্বৰূপ কাকতী।

সদৌ শেষত সংগীত পৰিচালক জনে সমূহ অসমবাসী ৰাইজক নৰ্থ ইষ্ট নাওৰ যোগে ইংৰাজী নৱবৰ্ষৰ লগতে মাঘবিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমীয়া মাটিৰ গোন্ধ থকা গীত শুনিবৰ বাবে আহ্বান জনায়।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd