দুদিনীয়া দিমস্ৰাং মহোৎসৱৰ সামৰণি

ভিন্ন প্ৰান্তৰ ভিন্ন সোৱাদৰ সংগীতৰ পয়োভৰৰ মাজত আজি গাৰো পাহাৰত সামৰণি পৰিল দিমস্ৰাং মহোৎসৱ। স্থানীয় যুৱ প্ৰতিভা তথা শিল্পীসকলক এখন মঞ্চ তথা বহল পৰিচয়ৰ সুযোগ প্ৰদান কৰাৰ লগতে মেঘালয়ৰ শিল্প-সংস্কৃতিক আনৰ আগত উন্মোচিত কৰি দিয়াৰ উদ্দেশ্য লৈ পতা দুদিনীয়া উৎসৱটোৰ সামৰণি অনুষ্ঠানটো হৈ পৰিছিল সংগীতৰ মূৰ্চনাৰ সপোনপুৰী। মুম্বাইৰ পৰা স্পাংক (Spunk) নামৰ ৰক বেণ্ডটো আৰু অসমৰ পৰা যোৱা গ্ৰেভিটি (Gravity) নামৰ সংগীত দলটো হৈ পৰিছিল মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আধুনিক ৰক শৈলীত পৰিৱেশন কৰা বলিউদৰ গীতৰ তালে তালে নিজকে এৰি দি দৰ্শকে সংগীতৰ প্ৰতি থকা তেওঁলোকৰ অনুৰাগৰ বহিৰ্প্ৰকাশ কৰিছিল। স্পাংকৰ অভিষেক চেটাৰ্জীয়ে কয় যে তেওঁলোক মেঘালয়ৰ মানুহৰ সংগীত প্ৰীতিত অতিশয় মোহিত হৈছে। ‘ইয়াৰ দৰ্শক বেচ ভাল লগা। আমি মেঘালয় আৰু উত্তৰ-পূবলৈ আকৌ আহিবলৈ ভাল পাম’। এইদৰে কয় চেটাৰ্জীয়ে। স্পাংকৰ উপৰি যুৱ শিল্পীৰে গঠিত অসমৰ গ্ৰেভিটি দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হয়। লগতে আছে মেঘালয়ৰ হেইষ্টেক লেডিজ, ন’টছ অব এৰংগা আৰু ছেইফ এন ছাউণ্ডৰ দৰে বেণ্ডো। স্থানীয় বেণ্ডকেইটাই গাৰো গীত পৰিৱেশ কৰি উপস্থিতসকলক আহ্লাদিত কৰা দেখা গৈছিল। স্থানীয় গাৰো গীতৰ সমান্তৰালভাৱে পৰিৱেশিত হৈছিল খ্ৰীষ্টমাছ সম্পৰ্কীয় গীত, যি খ্ৰীষ্ট ধৰ্ম প্ৰধান দৰ্শক-শ্ৰোতাৰ মনবোৰক লৈ গৈছিল আগন্তুক খ্ৰীষ্টমাছৰ আনন্দৰ মাজলৈ। আনহাতে দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ উপায়ুক্তই কয়, ‘দিমস্ৰাং মহোৎসৱৰ জৰিয়তে আমি যুৱ চামক এখন মঞ্চ দিছো। এই অঞ্চলৰ লোকসকলে মনোৰঞ্জনমূলক অনুষ্ঠানৰো সোৱাদ পালে। এনে অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ অঞ্চলটোৰ সংস্কৃতি-পৰম্পৰাৰ সোৱাদ ল’বলৈ বাহিৰৰ মানুহক আকৰ্ষণ কৰিব খোজো, যাতে গাৰো পাহাৰো তেওঁলোকৰ ভ্ৰমণৰ এটা লক্ষ্য হয়।’

উল্লেখযোগ্য যে মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিভাসন্ধানী প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল। তাৰ ভিতৰত আছিল সাজ-পাৰ প্ৰতিযোগিতা, থলুৱা খেল-ধেমালি, ভলিবল, ৩ জনীয়া দলৰ ফুটবল, পেইণ্টিং, পোষ্টাৰ বনোৱা আদি।