দুয়োটা সমষ্টিৰ পৰাই জয়ী হ’ল মুকুল চাংমা : গাৰো পাহাৰত বিজেপিৰ ২২জনৰ এজনো নিজিকিল

Meghalaya Chief Minister Mukul Sangma

মেঘালয়ত কংগ্ৰেছে আশা কৰাৰ দৰে ফল নাপালেও দলটোৰ প্ৰধান নেতা মুকুল চাংমা জয়ী হৈছে বৃহৎ ব্যৱধানত। তেওঁ গৃহ চহৰৰ সমষ্টি আমপাতীৰ পৰা নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ বকুল হাজঙক আঠ হাজাৰতকৈও অধিক (8110) ভোটৰ ব্যৱধানত পৰাজিত কৰিছে।

আনহাতে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা আনটো সমষ্টি ছাংচকৰ পৰাও জয় লাভ কৰিছে। ছাংচক সমষ্টিত তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী এন পি পিৰ নিহিম ডি শ্বিৰাক প্ৰায় দুহেজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰে।

মুকুল চাংমাৰ লগতে তেওঁৰ পত্নী ডিকান্সি ডি শ্বিৰায়ো মহেন্দ্ৰগঞ্জৰ পৰা জয়লাভ কৰিছে। তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰেমানন্দ কোচক ৭৮৬১ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে।

উল্লেখযোগ্য যে কংগ্ৰেছ মুঠ ২১খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। ফলত প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ পৰা ভালেমান দূৰত ৰৈছে দলটো।

আনহাতে এন পি পি দলেও গাৰো পাহৰত ইয়াৰ পূৰ্বৰ ফলাফলৰ যথেষ্ট উন্নতি কৰিছে। কনৰাড চাংমা নেতৃত্বাধীন দলটোৰ বৰ্তমানৰ বিধায়ক নিহিম ডি শ্বিৰাই মুকুল চাংমাৰ হাতত পৰাজিত হ’লেও তেওঁলোকৰ প্ৰতিষ্ঠাপক পি এ চাংমাই এসময়ত প্ৰতিনিধিত্ব কৰা সন্মানীয় তুৰা সমষ্টিৰ পৰা পি এ চাংমাৰ জীয়েক আগাথা চাংমাই জয় লাভ কৰিছে। আগাথাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ বিলিকিড চাংমাক ১৬০৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছে। আনহাতে উত্তৰ তুৰা সমষ্টিতো প্ৰাক্তন সাংসদ এন পি পিৰ থমাছ চাংমাই জয় লাভ কৰিছে।

আনহাতে মেঘালয় বিধানসভাৰ অধ্যক্ষ তথা ফুলবাৰী সমষ্টিৰ বৰ্তামানৰ বিধায়ক কংগ্ৰেছ নেতা আবু তাহেৰ মণ্ডল এন পি পিৰ এছ জি ইচমাতুৰ মোমিনৰ হাতত পৰাজিত হয়।

আনহাতে পৰাজিত হোৱা বিয়াগোম নেতাৰ ভিতৰত আছে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছালচেং চি মাৰাক। তেওঁ এন পি পিৰ তিমথি ডি শ্বিৰাৰ হাতত পৰাজিত হয়।

উল্লেখযোগ্য যে গাৰো পাহাৰত প্ৰধান মন্ত্ৰী মোদী, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু স্মৃতি ইৰাণীৰ দৰে নেতাই প্ৰচাৰ চলাইছিল যদিও দলটোৰ ২২জন প্ৰাৰ্থীৰ বিজেপিৰ এজনো প্ৰাৰ্থী নিজিকিল।