গাঁও পঞ্চায়তত বিয়াগোম কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ যোগীজান ব্লকৰ কনিষ্ঠ অভিযন্তা

হোজাই জিলাত গ্ৰামোন্নয়নত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে বৃহস্পতিবাৰে এগৰাকী কনিষ্ঠ অভিযন্তাক ডবকা আৰক্ষীয়ে আটক কৰে। হোজাই জিলা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডবকাৰ হিন্দু ব্লক গাওঁ পঞ্চায়তত সংঘটিত বিয়াগোম কেলেংকাৰীৰ বাবে অভিযন্তা বিল্পৱ দাসক গ্ৰেপ্তাৰ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি হোজাই সমষ্টিৰ যোগীজান উন্নয়ন খণ্ডৰ অধীনস্থ ১৩টা পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু ব্লক পঞ্চায়তৰ জৰিয়তে ২০১৪-১৫ বিত্তীয় বৰ্ষত ৫৯৮.২৩ লাখ টকা আবণ্টন দিয়া হৈছিল।  তাৰে হিন্দু ব্লক গাওঁ পঞ্চায়তৰ এ পি শিতানত ১৩.৪৪ লাখ টকা আৰু গাওঁ পঞ্চায়ত শিতানত ৫৪.৭৪ লাখ টকা সুকীয়াকৈ দিয়া হয়। ২০১৫-১৬ বিত্তীয় বৰ্ষত একেটা ব্লকত এনৰেগা আচনিৰ অধীনত ৭১৪.২ লাখ টকা আবণ্টন দিয়া হয়। তাৰ পৰা হিন্দু ব্লক পঞ্চায়তত এ পি শিতানত ১২.৫৯ লাখ টকা আৰু গাওঁ পঞ্চায়ত শিতানত ৫৯.৬৬ লাখ টকা দিয়া বুলি চৰকাৰী তথ্যত প্ৰকাশ। যোগীজান উন্নয়ন খণ্ডৰ হিন্দু ব্লক গাওঁ পঞ্চায়তত আবণ্টন দিয়া এনৰেগা আঁচনিৰ পুঁজিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈ অহা বুলি চৰ্চিত হৈ আছিল। পঞ্চায়তৰ প্ৰতিটো স্তৰতে সংঘটিত হোৱা কেলেংকাৰীৰ বাবে যোৱা বছৰত স্থানীয় এজন নাগৰিকে ৪৬/১৭ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪৬৮/৪৭১/৪০৬/১২০ (বি)/৫০৬/৩৪ ধাৰাত ডবকা থানাত এক গোচৰ পঞ্চীয়ন কৰিছিল। সেই গোচৰত অভিযুক্ত অভিযন্তা বিল্পৱ দাস ডবকা আৰক্ষীৰ পৰা দীৰ্ঘ দিনে পলাই থকাৰ অন্তত বুধবাৰে ডবকা আৰক্ষীয়ে নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

যোগীজান ব্লকৰ কেইবাটাও পঞ্চায়তত এনৰেগা আঁচনিৰ দায়িত্বৰ লগতে হিন্দু ব্লক পঞ্চায়তৰ এনৰেগা আঁচনিৰ কাৰিকাৰী দিশ চোৱাচিতাৰ দায়িত্বত আছিল এইগৰাকী অভিযন্তা। এই সুযোগতে পঞ্চায়তখনত ২০১৫-১৬ বিত্তীয় বৰ্ষত ডবকা গাঁও গড়কাপ্টানি পথৰ পৰা গিয়াছ উদ্দিনৰ ঘৰ হৈ আব্দুল হালিমৰ ঘৰ পৰ্যন্ত বান্ধ নিৰ্মাণৰ নামত চাৰিটা মাষ্টাৰৰোলৰ জৰিয়তে ৯ লাখ ২৪ হাজাৰ, ৭১৪ টকা, ডবকা গড়কাপ্টানি পথৰ কাষত ফেন্সিং আৰু বৃক্ষৰোপণৰ নামত থকা আঁচনিৰ ধন, যমুনা মথাউৰি নিৰ্মাণ আদিকে ধৰি কেইবাটাও আঁচনিত পঞ্চায়ত সভাপতি চাহাবুদ্দিন, গ্ৰাম ৰোজগাৰ সহায়ক আৰু কনিষ্ঠ অভিযন্তা বিপ্লৱে মিলি ব্যাপক লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উঠিছে। কেৱল এই আঁচনি নহয়, পঞ্চায়তখনত ৰূপায়ণ হৈ থকা প্ৰতিটো আঁচনিতে লুন্ঠনৰাজ চলাইছিল এই বাহিনীটোৱে। এ পি সদস্যা, সভাপতি আৰু কনিষ্ঠ অভিযন্তাৰ লুণ্ঠনত অতিষ্ঠ হৈয়ে স্থানীয় ৰাইজে ডবকা থানাত বিগত বৰ্ষত এক গোচৰ ৰুজু কৰিছিল। ডবকা আৰক্ষীয়ে এই গোচৰৰ তদন্তৰ অন্তত সভাপতি চাহাবুদ্দিনক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও ইমান দিনে বিল্পৱ দাসে আত্মগোপন কৰি আছিল। সুদীৰ্ঘ দিন আত্মগোপনৰ অন্তত বুধবাৰে ডবকা থানাৰ তদন্তকাৰী বিষয়া এইচ এ মজুমদাৰে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিল্পৱ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে অভিযন্তাজনক হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে অভিযুক্ত বিপ্লৱ দাসক দুদিনৰ বাবে ডবকা আৰক্ষীৰ জিম্মালৈ প্ৰেণ কৰে।