NORTHEAST NOW (Assamese)

দেউতাকৰ অবিবেচকী কাণ্ড : শিশুৰ হাতৰ পিষ্টলৰ পৰা ওলোৱা গুলীত আইতাকৰ মৃত্যু

February 11, 2018 4:28 pm · এন ই নাও নিউজ

আজি নগাঁৱৰ চামগুৰিত দেউতাকৰ অবিবেচকী কাণ্ডৰ বাবে সংঘটিত এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত্য তথ্য মতে নগাঁৱৰ চামগুৰিত আজি এটি শিশুৱে দেউতাকৰ চাৰ্ভিচ পিষ্টল লৈ খেলি থকা অৱস্থাতে হঠাৎ পিষ্টলটোৰ পৰা ওলোৱা গুলীৰ ফলত দুৰ্ভাগ্যবশত শিশুটিৰ আইতাকৰ মৃত্যু হয়।

জানিব পৰা মতে গুৱাহাটীত এজন উচ্চ পদস্থ আৰক্ষী বিষয়াৰ ঘৰত দেহৰক্ষী হিচাপে কৰ্মৰত অসম আৰক্ষীৰ জোৱান উৎপল কাকতীয়ে তেওঁৰ চাৰ্ভিচ পিষ্টলটো ঘৰলৈ লৈ আহিছিল। উৎপল কাকতীৰ পুত্ৰই তথা অবুজ শিশুটিয়ে সেই চাৰ্ভিচ পিষ্টলটো লৈ খেলি আছিল। সেই সময়তে শিশুটিৰ আইতাক উপস্থিত হোৱাত শিশুটিৰ হাতত থকা পিষ্টলটোৰ পৰা হঠাৎ গুলী ওলাই যোৱাত আইতাকৰ ঘটনাস্থলীতে মৃত্যু হয়।

উক্ত ঘটনাটোৱে নগাঁৱৰ চাগুৰি অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

Related News