দেওবাৰে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ডিমা হাচাওত উপস্থিত হ’ব মন্ত্ৰী ছুম ৰংহাং
দেওবাৰে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ডিমা হাচাওত উপস্থিত হ’ব পাৰ্বত্য এলেকা উন্নয়ন আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী ছুম ৰংহাং। পাৰ্বত্য জিলাখনলৈ মন্ত্ৰী ৰংহাঙৰ এয়া প্ৰথমটো চৰকাৰী ভ্ৰমণ।
কাৰ্যসূচী অনুসৰি মন্ত্ৰীগৰাকীয়ে দিনৰ ১-০০ বজাত মাইবাঙত উপস্থিত হৈ ১-৩০ বজাত মুখ্য অতিথি হিচাপে মাইবাং আৱৰ্ত ভবনৰ দ্বাৰ মুকলি কৰিব। ৩-০০ বজাত মাইবাঙৰ পৰা যাত্ৰা কৰি ৪-০০ বজাত হাফলঙত উপস্থিত হব।
সোমবাৰে দিনৰ ১০-০০ বজাত হাফলং এনএল দাউলাগুপু স্পোৰ্টছ কমপ্লেক্সত ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি হাফলং টেক্সী ষ্ট্যাণ্ডত দিলাওব্ৰা চাঙগিব্ৰা চামাথাৰাওনি এথ্নিক চেন্টাৰৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰী ৰংহাঙে।
এঘাৰটা বজাত হাফলং জিলা পুথিভঁড়ালত বিজেপি-শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ বষৰ্পুৰ্তি অনুষ্ঠানত যোগ দিব মন্ত্ৰী ৰংহাঙে।
সোমবাৰে আবেলি হাফলংৰ পৰা উমৰাঙচুৰ উদ্দেশ্য যাত্ৰা কৰিব। উমৰাঙচুত মন্ত্ৰীগৰীকীয়ে এটা চিমেণ্ট কাৰখানাৰ লগতে প্ৰস্তাৱিত উমৰাঙচু এচিএছ একাডেমিও পৰিদৰ্শন কৰিব।