দেৰগাওঁৰ কাঠ চাপৰিত গঁড় হত্যা : খৰ্গ লৈ উধাও চোৰাংচিকাৰী

index

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যোৱা এজনী মাইকী গঁড়ৰ খৰ্গ বিহীন মৃতদেহ আজি দেৰগাওঁৰ কাঠ চাপৰিত উদ্ধাৰ হৈছে ৷

দেৰগাঁওৰ শঙ্কৰঘাটৰ উত্তৰ পশ্চিমত অৱস্থিত এই চাপৰিত স্থানীয় লোকে মৃত গঁড়জনী প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷

গঁড়জনীক হত্যা কৰি চোৰাংচিকাৰীয়ে খৰ্গ লৈ যাবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে যোৱা ২২ ফেব্ৰুৱাৰীত কাজিৰঙাৰ অগৰাতলীৰ পৰা ওলায় যোৱা এই গড়ঁজনী ব্ৰহ্মপুত্ৰ চাপৰিত পৰিভ্ৰমণ কৰি ফুৰিছিল ৷ গঁড়জনীৰ নিৰাপত্তাৰ বাবে বনকৰ্মীও নিয়োজিত কৰা হৈছিল ৷

ইয়াৰ মাজতে অতি কৌশলেৰে গঁড়জনীক হত্যা কৰি খৰ্গ লৈ যাবলৈ সক্ষম হৈছে চোৰাংচিকাৰী ৷ ইতিমধ্যে ঘটনাস্থলীলৈ বুলি ৰাওনা হৈছে বন বিভাগৰ উচ্চ পদস্থ বিষয়া ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে বন্যপ্ৰাণীৰ হত্যা বহুদিনৰে পৰা চলি আহিছে আৰু এই সম্পৰ্কত বিভিন্নজনে চৰকাৰ তথা বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলি আহিছে যদিও আপাতত: কোনো সুফল দেখা পোৱা নাই।

অসমৰ আপুৰুগীয়া সম্পদ গঁড় হত্যাৰ বিষয়টোৱে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰাৰ পিছত শেহতীয়াকৈ চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও গঁড় হত্যা ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱা দেখা গৈছে।

গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা বন বিভাগৰ পৰিকল্পিত নীতিৰ অভাৱতেই এতিয়াও গঁড় হত্যা ৰোধ সম্ভৱ হোৱা নাই বুলি মত ব্যক্ত কৰে বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত ব্যক্তিকসকলে।