NORTHEAST NOW (Assamese)

দেৱাশিস খাৰঘৰীয়াক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ; এতিয়াও সন্ধান নাই গীতাশ্ৰীৰ

July 23, 2018 5:43 pm · এন ই নাও নিউজ
Updated: July 23, 2018 5:44 pm
দেৱাশিস খাৰঘৰীয়া। ফাইল ফটো।

অৱহেলা আৰু মানসিক নিৰ্যাতনেৰে নিজৰ মাক-দেউতাকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগত অভিযুক্ত  দেৱাশিস খাৰঘৰীয়াক আজি শিৱসাগৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। তিনি দিনৰ আৰক্ষীৰ জিম্মা শেষ হোৱাত আজি তেওঁক আৰক্ষীয়ে শিৱসাগৰ আদালতত হাজিৰ কৰাইছিল।

উল্লেখযোগ্য যে শিৱসাগৰ আৰক্ষীয়ে যোৱা ১৯ জুলাইত দেৱাশিসক গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল।

দেৱাশিসৰ বিৰুদ্ধে শিৱসাগৰ থানাত তেওঁৰ মাক-দেউতাকৰ অস্বাভাৱিক মৃত্যুৰ বাবে জগৰীয়া কৰি গোচৰ ৰুজু হৈছিল। গোচৰ দিছিল সৰু বায়েক মণিকা গগৈয়ে।

মন কৰিব লগীয়া যে যোৱা ১ জুলাইত শিৱসাগৰ নগৰৰ আছুতীয়া পথত থকা ভাৰাঘৰত দেৱাশিসৰ মাক আৰু দেউতাক ক্ৰমে ৰুবী খাৰঘৰীয়া আৰু ৰজনী খাৰঘৰীয়াৰ অস্বাভাৱিক মৃত্যু হৈছিল। ৰুগীয়া মাকৰ ইনছুলিনৰ অভাৱত মৃত্যু হোৱাৰ বিপৰীতে দেউতাকে আত্মহত্যা কৰিছিল। দেৱাশিসৰ বিৰুদ্ধে মাক-দেউতাকক অৱহেলা আৰু অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্বয়ং বায়েককেইগৰাকীয়ে। আনহাতে আত্মহত্যাৰ পূৰ্বে দেউতাক ৰজনী খাৰঘৰীয়াই লিখি থৈ গৈছিল বহুকেইটা টোকা। তাত নিজৰ পুতেক-বোৱাৰীয়েকে অৱহেলা আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগ আছিল। তাৰ বাবেই এনেদৰে চৰম পথ লবলৈ বাধ্য হ’ল বুলি টোকাটোত স্পষ্টভাৱে লিখিছিল।

মাক-দেউতাকৰ আত্মহত্যাৰ পিছৰ পৰাই পলাতক হৈ আছিল দেৱাশিস আৰু তেওঁৰ পত্নী গীতাশ্ৰী দুৱৰা। গীতাশ্ৰীক এতিয়াও আৰক্ষীয়ে বিচাৰি পোৱা নাই।

 

Related News