দৰঙত পথ দুৰ্ঘটনা: ১ জন নিহত

পথ দুৰ্ঘটনা

প্ৰতিনিধিত্বমূসক ছবি

আজি পুৱাৰ ভাগতে দৰং জিলাৰ খাৰুপেটীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে খাৰুপেটীয়াৰ বালুগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত উক্ত পথ দুৰ্ঘটনাটোৰ ফলত এজন কিশোৰে প্ৰাণ হেৰুৱাব লগীয়া হয়। নিহত কিশোৰজনৰ নাম ছাহিদুল ইছলাম(১১) বুলি জানিব পৰা গৈছে। প্ৰত্যক্ষদৰ্শী সকলৰ মতে কিশোৰজন বালুগাঁৱৰ পথেৰে ঘৰলৈ উভতি গৈ থকা অৱস্থাত পিছফালৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যোৱাৰ ফলত কিশোৰজনৰ থিতাতে মৃত্যু হয়। আনহাতে স্থানীয় ৰাইজে তৎক্ষনাত আৰক্ষীক খবৰ দিয়াত আৰক্ষী লোক আহি ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে পথ দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে ট্ৰাকখনক জব্দ কৰিবলৈ সক্ষম হয়।