দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ল অভিলেখ সংখ্যক শিক্ষাৰ্থী

Students seen appearing in the competitive test in a venue on Saturday

শণিবাৰে দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অভিলেখ সংখ্যক ১৫৭০ গৰাকী শিক্ষাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা দেখা গ’ল। মঙলদৈৰ তিনিটা, ছিপাঝাৰ আৰু খাৰুপেটিয়াৰ দুটাকৈ মুঠ সাতটা কেন্দ্ৰত উক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয়।

উল্লেখ্য যে বিদ্যালয় পৰিদৰ্শক, DIETৰ অধ্যক্ষ, দৰং আৰু স্থানীয় সংবাদকৰ্মীৰ উপস্থিতিত অতি নিয়াৰিকৈ তথা শুচাৰুৰূপে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈ যায়।

জানিব পৰা মতে চলিত বৰ্ষত ষষ্ঠ শ্ৰেণীৰ বাবে বিদ্যালয়খনত ৮০ টা আসনৰ বাবে অনলাইন আৰু অফলাইন মাধ্যমেৰে সৰ্বমুঠ ২৩৬৭ খন আবেদন পত্ৰ জমা হৈছিল। আৰু ইয়াৰে মুঠ ১৫৭০ গৰাকী আবেদনকাৰীয়ে শণিবাৰে উক্ত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয়।

২০১৭ বৰ্ষৰ তুলনাত এইবাৰ আবেদনকাৰীৰ সংখ্যা প্ৰায় তিনিগুণ বেছি। বিগত বৰ্ষটোত ৮১৭ গৰাকী শিক্ষাৰ্থীয়ে আবেদন পত্ৰ জমা দিছিল আৰু ইয়াৰে মুঠ ৬৪৪ গৰাকী শিক্ষাৰ্থীয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

ইফালে শণিবাৰে অনুষ্ঠিত হৈ যোৱা প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ পি ৰাজেশে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অভূতপূৰ্ব সহাৰিৰ বাবে জিলাখনৰ শিক্ষাৰ্থী, অভিভাৱক তথা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, অন্যান্য বিষয়া-কৰ্মচাৰী, বিদ্যালয় উন্নয়ন সমিতিৰ বিষয়ববীয়াৰ লগতে সমিতিখনৰ অধ্যক্ষ তথা দৰঙ জিলাৰ অতিৰিক্ত উপায়ুক্ত অশোক কুমাৰ বৰ্মনক ধন্যবাদ জ্ঞাপন কৰে।

স্মৰ্তব্য যে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তী কৰা শিক্ষাৰ্থীসকলক বিদ্যালয় তৰফৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়াকৈ পাঠদান দিয়াৰ লগতে সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰিব। মনকৰিবলগীয়া যে দৰঙৰ এই একমাত্ৰ আবাসিক বিদ্যালয়খন ভাৰত চৰকাৰৰ মানৱ কল্যাণ বিভাগৰ তত্বাৱধানত পৰিচালিত হয়।