NORTHEAST NOW (Assamese)

দৰমহা আসোঁৱাহ সমিতিৰ একপক্ষীয় নীতিক কলেজ কৰ্মচাৰী সন্থাৰ গৰিহণা; ৭ জুলাইত জৰুৰী সভা

June 27, 2018 1:35 pm · এন ই নাও নিউজ
দৰমহা আসোঁৱাহ নিৰাময় সমিতিয়ে মুখ্য মন্ত্ৰীক তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰাৰ দৃশ্য।

সপ্তম দৰমহা আয়োগৰ ভিত্তিত নিৰ্ণীত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিত থকা ত্ৰুটি পৰ্য্যালোচনাৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া দৰমহা আসোঁৱাহ নিৰাময় সমিতি (Pay Anomaly Committee)-এ কোনো এটা কৰ্মচাৰী সংগঠন তথা সন্থাৰ সৈতে আলোচনা নকৰাকৈ একপক্ষীয়ভাৱে প্ৰতিবেদন দিয়াৰ অভিযোগ কৰিছে সদৌ অসম কলেজ কৰ্মচাৰী সন্থাই। এই কাৰ্য্যক অগণতান্ত্ৰিক আখ্যা দিছে সন্থাটোৱে। লগতে এই সন্দৰ্ভত আলোচনা কৰিবলৈ আৰু পৰৱৰ্তী কাৰ্য্যসূচী সম্পৰ্কে সিদ্ধান্ত ল’বলৈ অহা ৭ জুলাইত এখন জৰুৰী সভা আহ্বান কৰা হৈছে বুলি জানিবলৈ দিয়ে। নামৰূপত এই জৰুৰী সভাখন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

সন্থাৰ প্ৰচাৰ সম্পাদক মেছেৰ আলী আহমেদে এক বিবৃতিযোগে জনাই যে চৰকাৰ এনেকুৱা অগণতান্ত্ৰিক আৰু অবিবেচকী সিদ্ধান্তত কলেজ কৰ্মচাৰীসকল ক্ষুভিত হৈ পৰিছে।

সন্থাই প্ৰতিটো সংগঠন তথা সন্থাৰ মতামত গ্ৰহণ কৰি পুনৰ দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰী আৰু উচ্চ শিক্ষা বিভাগৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে।

লগতে সন্থাই জানিবলৈ দিয়া মতে, নামৰূপত হ’ব লগীয়া জৰুৰী বৈঠকত স্নাতক ডিগ্ৰীধাৰী কৰ্মচাৰীসকলক স্নাতক হাৰত দৰমহা প্ৰদান কৰা, কলেজসমূহত খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰা আদিকে ধৰি আন কেইবাটাও দাবীৰ বিষয়ে আলোচনা কৰা হ’ব।

Related News