এইবাৰ অনলাইনতে বিবাহ সম্পন্ন হ’ল এহাল দম্পতীৰ। দৰা ভাৰতৰ আৰবাজ আৰু কন্যা পাকিস্তানৰ আমিনা।
জানিব পৰা মতে, কিন্তু আমিনাই ভাৰতীলৈ আহিবৰ বাবে ভিছা নোপোৱাৰ বাবে ভাৰ্চুৱেল মাধ্যমেৰে বিবাহ সম্পন্ন কৰিলে দুয়োৱে।
বুধবাৰে নিশা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো ৰীতি-নীতি পালন কৰি বিবাহপাশত আবদ্ধ হয় এইহাল প্ৰেমিক প্ৰেমিকা।
লগতে যোধপুৰত আৰবাজৰ পৰিয়ালৰ সদস্যসকলে চাবলৈ এল ই ডি স্ক্ৰীণত সমগ্ৰ বিবাহ অনুষ্ঠানটো দেখুৱাইছিল আৰোবাজে।
কিন্তু তাতোকৈ আমোদজনক কথাটো হ’ল এই বিয়াখন প্ৰেমৰ সম্পৰ্কৰ বাবে হোৱা নাই, বৰঞ্চ তেওঁলোকৰ বিবাহ দুটা পৰিয়ালে ঠিক কৰা।
আৰবাজৰ পিতৃয়ে কয় যে তেওঁলোকৰ আত্মীয় পাকিস্তানত থাকে। তেওঁলোকৰ জৰিয়তেই বিবাহৰ ব্যৱস্থা কৰা হয়। কিন্তু কইনাৰ ভিছা নোপোৱাৰ বাবে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে বিবাহ কৰা হয়।
লগতে পঢ়কঃ পাকিস্তানত ভয়ানক ৰে’ল দুৰ্ঘটনা: মৃত্যুৰ সংখ্যা ২০ লৈ বৃদ্ধি
লগতে পঢ়কঃ নাৰী শিক্ষা নহ’ব! দহ বছৰ উৰ্ধৰ ছাত্ৰী যাব নোৱাৰিব বিদ্যালয়: ফটোৱা জাৰি তালিবানৰ
লগতে পঢ়কঃ নাৰী শিক্ষা নহ’ব! দহ বছৰ উৰ্ধৰ ছাত্ৰী যাব নোৱাৰিব বিদ্যালয়: ফটোৱা জাৰি তালিবানৰ