NORTHEAST NOW (Assamese)

দৰিদ্ৰতা নেওচি মেট্ৰিকত ডিষ্টিংশ্যন লাভ জাঁজীৰ গৌৰৱ দত্তৰ

May 27, 2018 10:40 pm · ৰাজীৱ দত্ত

দৰিদ্ৰতা নেওচি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰৰ জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ দত্তই ৬টা বিষয়ত লেটাৰ মাৰ্কসহ ৯১ শতাংশ নম্বৰেৰে ডিষ্ট্ৰিংচন লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ জাঁজী ফুলপানীছিগা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ফুলপানীছিগা বামুণ গাওঁ নিবাসী বিদ্যাধৰ দত্ত আৰু সবিতা দত্তৰ  পুত্ৰ গৌৰৱে অসমীয়াত ৮৬, ইংৰাজীত ৮৭, সাধাৰণ গণিতত ৯৯, সমাজ বিজ্ঞানত ৯৫, সাধাৰণ বিজ্ঞানত ৯৪ আৰু হিন্দীত  ৮৬ নম্বৰসহ মুঠ ৫৪৭ নম্বৰ লাভ কৰিছে।

ছাত্ৰজনৰ পিতৃ পেছাত এজন মিস্ত্ৰি।

গৌৰৱে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন ৰচিছে। সদ্যহতে তেওঁ  জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰিব।

গৌৰৱ এজন ভাল অভিনেতা আৰু নৃত্য শিল্পী।

কবিতা লিখি ভাল পোৱা মেধাৱী ছাত্ৰজনে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা গ্ৰহণ কৰা শিক্ষাৰে এই সফলতা পোৱা বুলি ক’ব খোজে।

বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষয়িত্ৰী পল্লৱিকা বৰুৱাই সাধাৰণ গণিত বিষয়ত বিশেষভাৱে আগবঢ়োৱা অৰিহণাৰ কথা তেওঁ কৃতজ্ঞতাৰে স্বীকাৰ কৰে।

Related News