• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দালালে ‘মেনেজ কৰি’ হজম কৰিলে অসম আন্দোলনৰ তিনিটাকৈ চহিদ পৰিয়ালৰ আৰ্থিক সাহায্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 27, 2018 11:22 pm
SwahidParial

সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্নয়ৰক্ষী পৰিষদৰ সংবাদমেল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ নেতা তথা ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত ঐতিহাসিক অসম আন্দোলনত প্ৰাণ আহুতি দিয়া চহিদো সাৰি নগ’ল দালাল চক্ৰৰ পৰা। মৰিগাওঁ জিলাৰ তিনিগৰাকী চহিদৰ নামত সংঘটিত হ’ল এই সাংঘাতিক দুৰ্নীতি। প্ৰকৃত চহিদৰ পৰিয়ালক বঞ্চিত কৰি ২০১৪ চনত মৃত্যু হোৱা লোকৰ নামতে পৰিয়ালে চৰকাৰত সক্ৰিয় হৈ থকা দালালৰ সহযোগত উলিয়াই নিলে অসম আন্দোলনৰ চহিদৰ বাবে দিয়া আৰ্থিক সাহায্য।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ কৰে সদৌ অসম চহিদ-নিৰ্যাতিত পৰিয়াল পৰিষদৰ সভাপতি লক্ষীকান্ত ৰায়ে।

Apply Now

উল্লেখযোগ্য যে অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত বহু নেতাৰে গঠিত চৰকাৰখনে শাসনলৈ আহিয়ে অসম আন্দোলনৰ চহিদসকলৰ পৰিয়ালৰ লোকলৈ ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল। কিন্তু এই আৰ্থিক সাহায্যক লৈ তেতিয়াই তৎপৰ হৈ পৰিছিল চৰকাৰৰ সৈতে সনাপোটোকা থকা কিছুমান দালাল। ফল স্বৰূপে এই সাহায্য প্ৰদানৰ ক্ষেত্ৰত সংঘটিত হ’ল এই দুৰ্ভাগ্যজনক কেলেংকাৰি। কেলেংকাৰিটোত সদৌ অসম জাতীয় চহিদ পৰিয়াল সমন্নয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকা প্ৰত্যক্ষভাৱে জড়িত থকা বুলি আজি অভিযোগ কৰে লক্ষীকান্ত ৰায়ে।

অভিযোগ মতে দালাল চক্ৰটোৱে মুঠ তিনিজন চহিদৰ নামত ভুৱা তথ্য দি মুঠ ১৫ লাখ টকা চৰকাৰৰ পৰা উলিয়াই নিয়ে আৰু সেই দৰে তিনিটা চহিদ পৰিয়ালক বঞ্চিত কৰে।

লক্ষীকান্ত ৰায়ে এই অভিযোগ কৰে যে অসম আন্দোলনত মৰিগাঁৱত চহিদ হোৱা ৰামপদ ডেকাৰ পৰিয়ালে পাবলগীয়া ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য লাভ কৰিলে জনৈক ৰাম ডেকা নামৰ লোকজনৰ পৰিয়ালে। তাৎপৰ্যপূৰ্ণ কথা যে অসম আন্দোলনৰ চহিদ বুলি পৰিচয় দিয়া এই ৰাম ডেকা নামৰ লোকজনৰ মৃত্যু হৈছিল ২০১৪ চনত। আশ্বৰ্যজনকভাৱে ৰাজ্য চৰকাৰে সাহায্য প্ৰদানৰ বাবে যুগুত কৰা তালিকাত চহিদ ৰামপদ ডেকাৰ নামটোও প্ৰকাশিত হ’ল ৰাম ডেকা হিচাপেহে।

দ্বিতীয়টো ঘটনাত মৰিগাওঁ জিলাৰে আন এগৰাকী চহিদ সুকোমল বৰাৰ নাম আৰু উপাধি সলাই আন এজন ব্যক্তিৰ পৰিয়ালে সাহায্য লাভ কৰে। ৰায়ে জনোৱা মতে চহিদ সুকোমল বৰাৰ নাম কোমল পাটৰ কৰি ৫ লাখ টকাৰ আৰ্থিক সাহায্য ল’লে কোমল পাটৰৰ পুত্ৰ হৰেন পাটৰে।

ইমানতো শেষ হোৱা নাই জাতীয় চহিদৰ নামত হোৱা দুৰ্নীতিৰ আখ্যান। মৰিগাঁৱৰে আন এগৰাকী চহিদ নন্দেশ্বৰ ডেকাৰ উপাধি সলনি কৰি পুত্ৰৰ পৰিচয় দি সাহায্য ল’লে চহিদগৰাকীৰ দূৰ-সম্পৰ্কীয় ভাগিন মংগল সিং কোঁৱৰে।

উল্লেখ্য যে, চহিদ নন্দেশ্বৰ ডেকাৰ কোনো উত্তৰাধিকাৰী নাছিল। কিন্তু ৰাজ্য চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ বেলিকা চহিদ নন্দেশ্বৰ ডেকাৰ উপাধি সলাই নন্দেশ্বৰ কোঁৱৰ কৰি তেওঁক মংগল সিং কোঁৱৰৰ পিতৃ বুলি চিনাকি দিয়া হ’ল।

ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সদৌ অসম চহিদ-নিৰ্যাতিত পৰিয়াল পৰিষদে মুখ্য মন্ত্ৰীক তদন্তৰ দাবী কৰি স্মাৰকপত্ৰ প্ৰদান কৰা বুলিও সভাপতি লক্ষীকান্ত ৰায়ে আজি সাংবাদিকক জানিবলৈ দিয়ে।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰে জাতীয় চহিদসকলৰ পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ সমান্তৰালকৈ নিৰ্যাতিত সকলক ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল যদিও নিৰ্যাতিত সকলে এই সাহায্য নোপোৱাৰ অভিযোগ কৰে সদৌ অসম চহিদ-নিৰ্যাতিত পৰিয়াল পৰিষদে। তাৰ বিপৰীতে বহু চহিদৰ পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পোৱাৰ পাছতো চৰকাৰী সাহায্য পোৱা বুলি কৈ এই প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰে লক্ষীকান্ত ৰায়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd