NORTHEAST NOW (Assamese)

দৰিদ্ৰ লোকৰ মাজত আজমল ফাউণ্ডেশ্যনৰ খাদ্য সামগ্ৰী বিতৰণ

May 17, 2018 2:33 pm · এন ই নাও নিউজ
Updated: May 17, 2018 3:52 pm

আজিৰে পৰা আৰম্ভ হোৱা মুছলমান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে আজমল ফাউণ্ডেশ্যনে ধুবুৰী জিলাৰ দক্ষিণ শালমৰাৰ ১২০০ গৰাকী দৰিদ্ৰ লোকৰ মাজত ২৪ লাখ টকাৰ খাদ্য সামগ্ৰী বিতৰণ কৰে।

বিভিন্ন ধৰণৰ সমাজসেৱামূলক কাম-কাজৰ সৈতে জড়িত আজমল ফাউণ্ডেশ্যনে প্ৰত্যেক বছৰে অন্য কৰ্মসূচীৰ লগতে দুখীয়া লোকৰ মাজত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী বিলাই আহিছে।

এই বছৰ তেওঁলোকে অসম, পশ্চিম বংগ আৰু মেঘালয়ৰ বিভিন্ন স্থানত দুখীয়া লোকসকলৰ মাজত ৯১,০০০ হাজাৰটা খাদ্যৰ টোপোলা বিতৰণৰ লক্ষ্য হাতত লৈছে।

উক্ত খাদ্যৰ টোপোলা সমূহত ২৫ কিলো চাউল, ৩ কিলো দাইল, ৩ কিলো চেনি, ২ কিলো খেজুৰ আৰু ২ কিলো মিঠাতেল থাকিব।

আজিৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী এসপ্তাহৰ ভিতৰত সম্পুৰ্ণ কৰা হ’ব।

Related News