NORTHEAST NOW (Assamese)

‘ধনৰ বিনিময়ত পৰীক্ষাৰ ৰিজাল্ট’ কেলেংকাৰিত আছাম ডাউন টাউন য়ুনিভাৰ্ছিটিৰ পৰীক্ষা উপ নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ

July 25, 2018 7:01 am · মুকুট দাস
গ্ৰেপ্তাৰ হোৱা আছাম ডাউন টাউন য়ুনিভাৰ্ছিটিৰ পৰীক্ষা নিয়ন্ত্ৰক অৰূপজ্যেতি শৰ্মা।

ৰাজ্যৰ এখন ব্যক্তিগতখণ্ডৰ বিশ্ববিদ্যালয় আছাম ডাউন টাউন য়ুনিভাৰ্ছিটিৰ পৰীক্ষা উপ নিয়ন্ত্ৰকক ‘ধনৰ বিনিময়ত পৰীক্ষাৰ্থীক ভাল ফল দিয়া’ কেলেংকাৰিত অসম আৰক্ষীয়ে ২৪ জুলাইৰ নিশা গ্ৰেপ্তাৰ কৰিছে।

বিশেষ সূত্ৰৰ পম খেদি নুনমাটি ডিভিজনৰ সহকাৰী আৰক্ষী আয়ুক্ত পূৰৱী মজুমদাৰৰ নেতৃত্বত যোৱা প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ এটা দলে বিশ্ববিদ্যালয়খনৰ পৰীক্ষা উপ নিয়ন্ত্ৰকজনক ভি আই পি মেগাজিন ৰ’ডৰ পৰা গ্ৰেপ্তাৰ কৰে। ৪৩ বছৰীয়া পৰীক্ষা উপ নিয়ন্ত্ৰকজনৰ নাম অৰূপজ্যোতি শৰ্মা আৰু তেওঁক বহু দিনৰ পৰা এই কাৰ্য্যত জড়িত থকাৰ সন্দেহ কৰিছিল বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, যোৱা ৪ জুলাইত একেই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গুণজিৎ চৌধুৰী নামৰ এজনকো গ্ৰেপ্তাৰ কৰা হৈছিল। গুণজিৎ চৌধুৰী বিশ্ববিদ্যালয়খনৰ পেৰামেডিকেল ছায়েন্স বিভাগৰ শিক্ষকগোটৰ সদস্য আছিল।

সহকাৰী আৰক্ষী আয়ুক্ত পূৰৱী মজুমদাৰে নৰ্থ-ইষ্ট নাওক জনায়, “এইটো হ’ল গোচৰটোৰ অধীনত তৃতীয়টো গ্ৰেপ্তাৰ। ইয়াৰ পূৰ্বে আমি ৪ জুলাইত শিক্ষকগোটৰ সদস্য গুণজিৎ চৌধুৰী আৰু তাৰ আগত ২৯ জুনত জালানুৰ উদ্দিনক গ্ৰেপ্তাৰ কৰিছিলো। জালানুৰ উদ্দিন প্ৰাক্তন ছাত্ৰ আছিল।”

সূত্ৰটোৰ মতে কেইজনমান প্ৰাক্তন ছাত্ৰ আৰু কেইজনমান শিক্ষকগোটৰ সদস্যই লগ লাগি এই ধনৰ বিনিময়ত পৰীক্ষাৰ ফল দিয়া চক্ৰটো চলাই আছিল। বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই সন্দেহৰ ভিত্তিত যোৱা ২৫ জুনত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত এখন এজাহাৰ দিছিল। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ১২০ বি ধাৰা আৰু ৪২০ ধাৰাৰ অধীনত No 133/18 গোচৰ ৰুজু কৰি অভিযান চলাইছিল।

Related News