NORTHEAST NOW (Assamese)

ধুবুৰীত চলি থকা ৯০ শতাংশ ফাৰ্মাচীতে নাই ফাৰ্মাচিষ্ট : পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থা

May 16, 2018 7:11 pm · এন ই নাও নিউজ

স্বাস্থ্য বিভাগে ৰাজ্যখনত স্বাস্থ্যখণ্ডত উন্নতি হোৱা বুলি কোৱাৰ সময়তে ধুবুৰী জিলাৰ ৯০ শতাংশ ফাৰ্মাচীয়েই অবৈধ বুলি অভিযোগ উত্থাপন কৰিছে ধুবুৰী জিলাৰ নৱগঠিত পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থাই।

বুধবাৰে এক সংবাদমেল আয়োজন কৰি নৱগঠিত সন্থাটোৱে অঞ্চলটোত অবৈধ ফাৰ্মাচীৰ বজাৰ চলাৰ লগতে কাঠফুলাৰ দৰে বহু অবৈধ ফাৰ্মাচী গঢ়ি উঠা বুলি অভিযোগ উত্থাপন কৰে। লগতে সংবাদমেলতে এই অবৈধ ফাৰ্মাচী সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

উল্লেখযোগ্য যে নৱ গঠিত পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ ধুবুৰী জিলা সভাপতি জাইদুল ইছলাম, কাৰ্যকৰী সভাপতি মফিদুল ইছলাম আৰু সাধাৰণ সম্পাদক নুৰুল হাচান অলমকে ধৰি সন্থাৰ বহু কেইজন ফাৰ্মাচিষ্টৰ উপস্থিতিত আয়োজিত সংবাদমেলত সভাপতি-সম্পাদকে ধুবুৰী জিলাখনৰ অবৈধ ফাৰ্মাচীসমূহৰ কথা উল্লেখ কৰি কয় যে ফাৰ্মাচিষ্ট নোহোৱাকৈ ফাৰ্মাচীৰ পঞ্জীয়ন নহয় যদিও জিলাখনত বহু সংখ্যক ফাৰ্মাচীয়ে ফাৰ্মাচিষ্ট নোহোৱাকৈ পঞ্জীয়ন লাভ কৰিছে।

সংবাদমেলতে সন্থাটোৱে ধুবুৰী জিলা স্বাস্থ্য বিভাগক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related News