অসমত নৈমিত্যিক ঘটনাত পৰিণত হৈছে পথ দুৰ্ঘটনা। বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাইনবোৰ্ডত আজি ১৬ মে’ত এক শোকাৱহ পথ দুৰ্ঘটনাত চানমিয়া ফকিৰ (২২ বছৰীয়া) নামৰ এজন বাইক আৰোহী যুৱক থিতাতে নিহত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে এফ চি আইৰ চাউল কঢ়িয়াই নিয়া AS 18 C 0425 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়াৰ ফলতে বাইক আৰোহী জন নিহত হয়। নিহত যুৱকজনৰ ঘৰ সৰভোগৰ বগুৰীগুৰী পাথাৰত বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন বৰপেটাৰোড আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।