NORTHEAST NOW (Assamese)

ধুবুৰীৰ গদাধৰ নৈৰ পৰা এ টি এম উদ্ধাৰ

December 14, 2017 9:51 am · এন ই নাও নিউজ

বুধবাৰে ধুবুৰী জিলাৰ আৰক্ষীয়ে অভিযান চলাই গদাধৰ নৈৰ বুকুৰ পৰা এটা এ টি এম উদ্ধাৰ কৰে। মঙলবাৰৰ পৰা চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীয়ে স্থানীয় কেইবাজনো ডুবাৰুৰ সহায়ত বুধবাৰে গদাধৰ নৈৰ বুকুৰ পৰা চুৰি এ টি এম টো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গৌৰীপুৰৰ তাৰঘাট দলংৰ তলত গদাধৰ নৈত  আৰক্ষী উপস্থিত হৈ  এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহোগত অভিযান আৰম্ভ কৰে। যোৱা দুই ডিচেম্বৰত ধুবুৰী চহৰৰ মাজমজিয়াৰ এলাহাবাদ বেংকৰ পৰা চোৰৰ দলটোৱে এ টি এম সহ ধন চুৰ কৰি লৈ গৈছিল।  আৰক্ষীয়ে চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই এ টি এম টো  উদ্ধাৰ কৰিবলৈ সক্ষম  হয় ৷ এক তথ্য অনুসৰি অসমৰ ভিন্ন প্ৰান্তৰ বহু কেইটা এটিএম চুৰিকাণ্ডৰ সৈতে এই চোৰ কেইটা জড়িত  থকাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই চোৰৰ দলটিত মুঠ  ১৩ জন এ টি এম চোৰ আছিল আৰু গোটেই কেইটাক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে৷

 

Related News