NORTHEAST NOW (Assamese)

ধুমুহা, শিলাবৃষ্টিত ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ বাবে নিৰ্দেশ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

March 31, 2018 7:53 pm · এন ই নাও নিউজ

ৰাজ্যখনৰ বিভিন্ন স্থানত ধুমুহা আৰু শিলাবৃষ্টিয়ে ক্ষতিগ্ৰস্ত কৰা লোকসকলক সকলো ধৰণ সহায় সহযোগিতা আগবঢ়াবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপায়ুক্ত সকলক শুকুৰবাৰে নিৰ্দেশ দিয়ে।

শুকুৰবাৰে এক বিবৃতি যোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপায়ুক্ত সকলক ক্ষয়-ক্ষতিৰ শীঘ্ৰে জৰিপ কৰিবলৈও নিৰ্দেশ দিয়ে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে বিদ্যুৎ সংযোগ ব্যাহত হোৱা স্থান সমূহত শীঘ্ৰে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে যোগাযোগ হোৱা অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা পুনৰ সূচল কৰাৰ বাবে তৎপৰ গ্ৰহণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

Related News