ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ চলি থকাৰ সমান্তৰালকৈ আজি লখিমপুৰ আৰু নগাঁৱৰ তিনিজন যুৱকে দিচপুৰ লাষ্টগেটত ধৰ্ষণকাৰীক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
যুবক তিনিজন হ’ল ক্ৰমে ক্ষীৰোদ শইকীয়া(লখিমপুৰ), অনুৰাগ বৰা(নগাওঁ) আৰু চাহাবা হাৰ্টী(নগাওঁ)।
চৰকাৰে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্য্যন্ত যুৱক তিনিজনে অনিৰ্দিষ্টকালীন আমৰণ অনশন কৰিব বুলি জানিবলৈ দিয়ে।
যুৱক কেইজনৰ মাজৰে অনুৰাগ বৰাই নৰ্থ ইষ্ট নাওক কয় যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে আমি প্ৰচাৰ চলোৱাত বহুতে আমাক ধৰ্ষণকাৰীৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ কোনেও কথাটোত গুৰুত্ব নিদিয়া হ’ল।‘
অনুৰাগে ধৰ্ষণকাৰীক কাপুৰুষ আখ্যা দি কয়, ‘’দহ মাহ দহদিন মাতৃৰ গৰ্ভত থাকি ডাঙৰ-দীঘল হোৱাসকলে নাৰীৰ বিৰুদ্ধে এনেধৰণৰ দুষ্কাৰ্য্যমূলক কাম কৰা কাপুৰুষক আমি ধিক্কাৰ দিছো। লগতে তেওঁলোকক ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছো।‘’
তাৎপৰ্য্যপূৰ্ণভাৱে অনুৰাগ বৰাই নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত ১৮১ হেল্পলাইন নম্বৰটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি সদৰী কৰে। তেওঁ প্ৰশ্ন কৰে, ‘’এগৰাকী নাৰীক দুস্কৃতিকাৰীয়ে নিৰ্য্যাতন চলোৱাৰ সময়ত সেই নাৰীগৰাকীয়ে কোন সময়ত বেগৰ পৰা মোবাইল উলিয়াই ১৮১ নম্বৰ ডায়েল কৰিবলৈ সময় পাব।‘’
আনহাতে, যুৱকজনে চৰ-চাপৰি অঞ্চলত সন্দেহজনক লোকেৰে ভৰি থকা বুলি মন্তব্য কৰি কয় যে বৰ্তমান চৰ অঞ্চলত ভৰি পৰা সন্দেহজনক লোকসকলৰ উপদ্ৰবৰ ফলতে শিক্ষয়িত্ৰীসকলে সেই অঞ্চলসমূহত চাকৰি কৰিবলৈ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। মহিলা শিক্ষয়িত্ৰীসকলে সেই অঞ্চলসমূহত চাকৰি কৰিবলৈ শংকিত হৈ পৰে। লগতে তেওঁ চৰকাৰৰ প্ৰতি আহ্বান জনাই কয়, ‘’এই সন্দেহযুক্ত নাগৰিকসকলক আৰক্ষী-প্ৰশাসনৰ লোকৰ হতুৱাই সেই অঞ্চলসমূহৰ পৰা বহিস্কাৰ কৰি দিব লাগে।‘’
তিনিজনীয়া যুৱকৰ দলটোৰে ক্ষীৰোদ শইকীয়াই নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি ‘’প্ৰতিগৰাকী মাতৃ তথা বাই-ভনীৰ স্বাৰ্থত আমি আজি এই আমৰণ অনশন কাৰ্য্যসূচী হাতত লৈছো। আমি কোনো সংগঠনৰ বেনাৰৰ তলত থাকি এই প্ৰতিবাদ সাৱ্যস্ত কৰা নাই। প্ৰথম অৱস্থাত আমাক লাষ্টগেটত প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল যদিও পিছত আমাৰ পৰা কাগজ-পাতি লৈ আমাক অনশন কৰাৰ বাবে অনুমতি প্ৰদান কৰে।‘’
তদুপৰি, যুৱককেইজনে আমাক জনায় যে তেওঁলোকৰ কেইজনমান ফেচবুকৰ বন্ধুৱে মিলি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ বিশেষকৈ ছাত্ৰীসকলৰ বাবে সমৰকলা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে ছাত্ৰ একতা সভাৰ সৈতে আলোচনাত মিলিত হ’ব। তেওঁলোকে লগতে ছাত্ৰীসকলৰ বাবে সমৰকলা প্ৰশিক্ষণটো অন্যান্য পাঠ্যক্ৰমৰ দৰে বাধ্যতামূলক কৰিবৰ বাবে শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি সদৰী কৰে।